ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…

ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…

ডিজিটেল ডেস্কঃ দিল্লীৰ হিংসাত্মক ঘটনাক লৈ দাখিল কৰা তিনিখন নতুন আবেদনৰ শুকুৰবাৰে শুনানি গ্ৰহণ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে শুনানি গ্ৰহণ কৰি শুকুৰবাৰে দিল্লী আৰক্ষী, দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে। ইফালে আদালতত নতুনকৈ দাখিল কৰা এখন আবেদনত প্ৰৰোচনামূলক মন্তব্যৰ অভিযোগত বিৰোধী নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু আছাদুদ্দিন ওৱেছীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে।

উত্তৰ পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে অজয় গৌতমে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিএন পেটেল আৰু ন্যায়াধীশ চি হৰিশংকৰৰ বিচাৰপীঠে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু দিল্লী চৰকাৰলৈ জাননী জাৰি কৰিছে। আনহাতে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ আহ্বান জনোৱা সমাজকৰ্মী হৰ্ষ মান্দাৰ, আৰজে সায়েমা, অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু অন্যন্যা সকলৰ বিৰুদ্ধে এনআইএ তদন্তৰ দাবী কৰি আদালতত আন এখন আবেদন দাখিল কৰিছে সঞ্জীৱ কুমাৰে।

আদালতত দিল্লীৰ হিংসাত্মক ঘটনাক লৈ তৃতীয়খন আবেদন দাখিল কৰিছে বিজেপিৰ লীগেল চেলৰ আইনজীৱী সকলৰ সংগঠন লয়াৰ্ছ ভয়ছে। চৰকাৰৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ওৱাৰিছ পাঠান, মণীষ চিছোদিয়া, আমানাতুল্লাহ খান আৰু মেহমুদ প্ৰচাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ আহ্বান জনোৱা হৈছে এই আবেদনত। আদালতে এই তিনি আবেদনৰ পৰৱৰ্তী শুনানি অহা ৩০ এপ্ৰিলত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in