দিল্লীৰ হিংসাঃ দোকানলৈ গাখীৰ আনিবলৈ গৈছিল ছালমনীয়ে, দুৰ্বৃত্তই জ্বলাই দিয়া ঘৰৰ ভিতৰত সহায় বিচাৰি মাতৃয়ে হেৰুৱালে প্ৰাণ

দিল্লীৰ হিংসাঃ দোকানলৈ গাখীৰ আনিবলৈ গৈছিল ছালমনীয়ে, দুৰ্বৃত্তই জ্বলাই দিয়া ঘৰৰ ভিতৰত সহায় বিচাৰি মাতৃয়ে হেৰুৱালে প্ৰাণ

ডিজিটেল ডেস্কঃ উত্তৰ পূব দিল্লীৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনা বৰ্তমানো অব্যাহত আছে। জাফৰবাদ, মেজপুৰ, চান্দবাগ, গোকুলপুৰী আদি অঞ্চলত বৰ্তমান পৰিস্থিতি শান্ত হৈ আছে যদিও এক শংকিত আৰু চেপা উত্তেজনাৰ মাজেৰে অঞ্চলবাসীয়ে পাৰ কৰিবলগা হৈছে সময়। দিল্লীৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত বৃহস্পতিবাৰ পৰ্যন্ত ৩৪ জনকৈ লোকৰ মৃত্যু ঘটাৰ লগতে আহত হৈছে বহু লোক।

বৃহস্পতিবাৰে একাংশ অঞ্চলৰ দোকান পোহাৰ আৰু অন্যান্য ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ কিছু কিছু খোলা দেখা গ'লেও যিকোনো সময়তে দুস্কৃতিকাৰীয়ে সন্ত্ৰাস চলোৱাৰ এক ভয় এতিয়াও বিৰাজমান। তাৰ মাজতে ভজনপুৰাত এনে এক কৰুণ ঘটনা পোহৰলৈ আহিছে, যিয়ে মানুহৰ মন কঁপাই তুলিব পাৰে। ভজনপুৰাৰ গামড়ী গাঁৱৰ এটা বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত ঘৰৰ ভিতৰত জীৱন্তে জাহ গ'ল এগৰাকী ৮৫ বৰ্ষীয় বৃদ্ধা।

বৃদ্ধাগৰাকীৰ পুত্ৰ ছালমনীয়ে জানিবলৈ দিয়া মতে, এই ঘটনা সংঘটিত হয় মঙলবাৰে। তেওঁ ঘৰৰ পৰা ওলাই দোকানৰ পৰা গাখীৰ আনিবলৈ গৈছিল তেতিয়া। সেই সময়তে এটা দুস্কৃতিকাৰীৰ দলে ছালমনীৰ বাসগৃহত প্ৰৱেশ কৰি উৎপাত চলায় আৰু ঘৰটোত অগ্নিসংযোগ কৰে। যাৰ ফলত ঘৰৰ ভিতৰত সহায়ৰ বাবে চিঞৰি চিঞৰিয়ে মৃত্যুক সাৱটিবলগা হয় ছালমনীৰ মাতৃ আকবৰীয়ে।

দূৰৈৰ পৰাই ছালমনীয়ে ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখা পাই মাতৃৰ ওচৰলৈ দৌৰি আহিছিল। কিন্তু সেই সময়ত ঘৰৰ বাহিৰত উপস্থিত থকা একাংশ লোকে তেওঁক ভিতৰলৈ যাবলৈ নিদিলে। 'তই গ'লে তোকো মাৰি পেলাব' বুলি কৈ একাংশ লোকে ছালমনীক দুস্কৃতিকাৰীৰ জাকৰ পৰা লুকুৱাই ৰাখিলেও ছালমনীয়ে কিন্তু মাতৃক বচাব নোৱাৰিলে। নিশা প্ৰায় ৯ বজাত অৱশেষত ছাই গৈ পৰা ঘৰটোৰ এটা চুকৰ পৰা বাহিৰলৈ অনা হয় অগ্নিদগ্ধ মাতৃৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in