শেহতীয়া খবৰ
অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড...  •  ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...

দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ পৰিকল্পনা আছে নেকি, তেন্তে পঢ়ক এই খবৰ…

540

ডিজিটেল ডেস্কঃ কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে শনিবাৰৰ পৰা আৰম্ভ হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ স্নাতক, পিএইচডি, এমফিলৰ লগতে স্নাতকোত্তৰ বিষয় সমূহত পঞ্জীয়ন প্ৰক্ৰিয়া৷ কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূৰ্বতকৈ পলমকৈ আৰম্ভ হৈছে নামভৰ্তিৰ প্ৰক্ৰিয়া৷ বিগত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো ৩০ মে’ৰ পৰা আৰম্ভ হৈ ২২ জুনত সমাপ্ত হৈছিল৷ ২৮ জুনত বিগত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ে ঘোষণা কৰিছিল প্ৰথমখন কাট অফ মাৰ্কৰ তালিকা৷

২০২০ -২১ শিক্ষাবৰ্ষৰ বাব শনিবাৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে ৱেৱছাইটত ৪ জুলাইলৈ পঞ্জীয়ন কৰিব পাৰিব৷ যিহেতু চিবিএছইৰ ১২ টাকৈ বিষয়ৰ পৰীক্ষা এতিয়াও বাকী আছে আৰু সেইসমূহ জুলাইৰ ১ ৰ পৰা ১৫ তাৰিখৰ ভিতৰত অনুষ্টিত হোৱাৰ কথা।

গতিকে ছাত্ৰ-ছাত্ৰীসকলে চিবিএছইৰ ফলাফল প্ৰকাশ হোৱাৰ পৰা ১০ দিন সময় নিজৰ মাৰ্কশ্বীট দিল্লী বিশ্ববিদ্যালয়ৰ ৱেৱছাইটত “আপলোড’’ কৰিব পাৰিব৷ মাৰ্কশ্বীটসমূহ আপলোড কৰাৰ এসসপ্তাহ সময়ৰ ভিতৰতেই দিল্লী বিশ্ববিদ্যালয়ে প্ৰথমখন কাট অফ মাৰ্কৰ তালিকা প্ৰকাশ কৰিব৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি