কোৰোনাত আক্ৰান্ত ৰেল বিভাগ

কোৰোনাত আক্ৰান্ত ৰেল বিভাগ

কোৰোনাত আক্ৰান্ত ৰেল বিভাগ

ডিজিটেল ডেস্ক :  প্ৰায় দুটা বছৰে সমগ্ৰ বিশ্বত কোৰোনাই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। মহামাৰীক ৰোধ কৰিবলৈ ভাৰত চৰকাৰেও বিগত বছৰ দুটাৰ বেছিভাগ সময় লকডাউনৰ আশ্ৰয় লোৱা দেখা গৈছিল। বৰ্তমানেো দেশৰ কেইবাখনো ৰাজ্যত আংশিক ভাৱে লকডাউন দিয়া হৈছে। এই বন্ধ বোৰে দেশৰ অৰ্থনৈতিক যথেষ্ট দুৰ্বল কৰি তুলিছে। কোৰোনা সৃষ্ট এই পৰিৱেশৰ বাবেই দেশ খনৰ সৰ্ব বৃহৎ যাতায়ত ব্যৱস্থা ৰেল সেৱাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰা দেখা যায়। ৰেল সেৱাৰ পৰা সংগ্ৰহ হোৱা ৰাজহে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু বিগত ২টা বছৰে বন্ধৰ বাবে ৰেল সেৱাৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ অভাৱনীয় হাৰত হ্ৰাস পাইছে।

উল্লেখ যোগ্য যে পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৯৪%  হ্ৰাস পাইছে এইবাৰৰ প্লেটফৰ্মৰ টিকটৰ পৰা লাভ হোৱা ৰাজহৰ মুল্য। মধ্য প্ৰদেশৰ চন্দ্ৰ চেখৰ গৌৰ নামৰ এজন ব্যক্তিয়ে কৰা আৰটিআইৰ প্ৰশ্নৰ উত্তৰত ৰেল বিভাগৰ পৰা দিয়া তথ্য অনুসৰি ২০২০-২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে প্লেটফৰ্ম টিকটৰ পৰা ১০ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিভাগটোৱে । বিভাগটোৱে উল্লেখ কৰা অনুসৰি ২০১৯-২০ বৰ্ষত বিগত পাঁচ টা বছৰৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰিছিল আৰু ২০১৮ -২০১৯ বৰ্ষত ১৩১ কোটি ৰাজহ লাভ কৰিছিল।

দেশত কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি ২০২০ বৰ্ষ মাৰ্চ মাহত  প্ৰথম বাৰৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল যদিও সেই সময়লৈকে ১৬০ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৰেল বিভাগটোৱে।কিন্তু কোৰোনাৰ বাবে দিয়া বন্ধত বিগত বছৰটোত মাত্ৰ ১০ কোটি টকা উপাৰ্জন কৰি প্ৰায় ৯৪ % ৰাজহ হেৰুওৱাৰ কথা উল্লেখ কৰাৰ লগতে বিভাগটোৱে প্ৰকাশ কৰিছে বিগত সময়ত কোৰোনাৰ সংক্ৰমণ ৰোধিবৰ বাবে যাত্ৰীক ষ্টেচনলৈ যোৱাত বাধা দিবলৈ টিকটৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৫০ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছিল টিকটৰ মুল্য। অৱশ্যে সেই মূল্য অস্থায়ী বুলি স্পষ্ট ভাৱে জনাইছে। লগতে যাত্ৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা সমূহ শিথিল কৰি শনিবাৰে বিভাগটোৱে প্ৰকাশ কৰে যে দিল্লীৰ 8 টা মুখ্য ষ্টেচন। নতুন দিল্লী,দিল্লী জংচন, হজৰত নিজামুদ্দিন, আনন্দ বিহাৰ টাৰ্মিনেল,মিৰাত

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in