দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ…

দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ…

ডিজিটেল ডেস্কঃ ভাগ্য কেনেদৰে সলনি হয় কোনেও ক'ব নোৱাৰে। কালিলৈকে এজন উপ পৰিদৰ্শকক চাৰ বুলি মাতিছিল এইজন কণিষ্টবলে। নাম তেওঁৰ ফিৰোজ আলম। সদ্য ঘোষিত ইউ পি এছ চি পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছে দিল্লীৰ এইগৰাকী কণিষ্টবল। দিল্লী আৰক্ষীৰ এটা পি চি আৰ ইউনিটত কণিষ্টবলৰূপে কৰ্মৰত আলমে ইউ পি এছ চি পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৬৪৫নং স্থান লাভেৰে উত্তীৰ্ণ হৈছে।

উল্লেখযোগ্য যে অত্যন্ত কষ্টেৰে ফিৰোজ আলমে এই পৰীক্ষাৰ বাবে অৱৰ্তীৰ্ণ হৈছিল। এউ পি এছ চিৰ পৰীক্ষাত এনে সফলতা লাভ কৰা আলমে এই ফলাফলকলৈ অত্যন্ত সুখী। দিল্লী পুলিচত কৰ্মৰত দুজন পৰিদৰ্শকৰ কণ্যাইও এইবাৰ ইউ পি এছ চি পৰীক্ষাত সফলতা অৰ্জন কৰিছে।

ইয়াৰে এজন কণিষ্টবলৰ কণ্যাই ৩৩ সংখ্যক স্থান লাভ কৰিছে। ইফালে দ্বাৰকাৰ উপ আৰক্ষী অধিক্ষকৰ কাৰ্যালয়ত কৰ্মৰত এজন সহকাৰী উপ পৰিদৰ্শকৰ কণ্যাইও এইবাৰ ইউ পি এছ চি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে।

৪ আগষ্টত ঘোষণা কৰা এই ফলাফলকলৈ দিল্লী আৰক্ষী যথেষ্ট সুখী। ৰাজকুমাৰ যাদৱ নামৰ সহকাৰী উপ পৰিদৰ্শকগৰাকীৰ কণ্যা বিশাখা যাদৱে তৃতীয়বাৰ এই পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল। উল্লখযোগ্য যে প্ৰথম দুবাৰ পৰীক্ষাত প্ৰাৰম্ভিক পৰীক্ষাই উত্তীৰ্ণ হ'ব পৰা নাছিল বিশাখাই।

আনহাতে দিল্লী পুলিচৰ ভিজিলেন্স বিভাগত কৰ্মৰত শুকদেৱ সিং নামৰ বিষয়াগৰাকীৰ কণ্যা নৱনিত মানে ৩৩ সংখ্যক স্থান দখল কৰিছে ইউ পি এছ চি পৰীক্ষাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in