জে এন ইউৰ হিংসাত্মক ঘটনাঃ দিল্লী আৰক্ষীয়ে মুকলি কৰিলে অভিযুক্তৰ ফটো…

জে এন ইউৰ হিংসাত্মক ঘটনাঃ দিল্লী আৰক্ষীয়ে মুকলি কৰিলে অভিযুক্তৰ ফটো…

ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীৰ প্ৰবক্তা এম এছ ৰন্ধাৱাই কয় যে, জে এন ইউত সংঘটিত হিংসাত্মক ঘটনাক লৈ ভুৱা খবৰ প্ৰচাৰ কৰি থকা হৈছে। এই ঘটনাক লৈ আমি চলাই থকা নিৰীক্ষণৰ উদ্দেশ্য হৈছে সঠিক তথ্য দাঙি ধৰা। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

ইফালে, দিল্লী আৰক্ষীৰ (ক্ৰাইম ব্ৰান্স)ডিচিপিগৰাকীয়ে কয় যে চাৰিটা সংগঠন (এ আই এছ এছ, এ আই এছ এ, এছ এফ আই, ডি এছ এফ) জে এন ইউৰ শীতকালীন অধিবেশনৰ পঞ্জীয়নৰ বিৰুদ্ধে আছিল, কিন্তু বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই অধিবেশনৰ বাবে নাম পঞ্জীয়ন কৰিব বিচাৰিছিল। ইফালে, এই চাৰিটা সংগঠনে পঞ্জীয়নত বাধা প্ৰদান কৰিছিল। লগতে পঞ্জীয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলক ভাবুকিও প্ৰদান কৰিছিল।

লগতে ডিচিপিগৰাকীয়ে সদৰী কৰে যে, ৩ জানুৱাৰী, ২০২০ত সংগঠনকেইটাই সদস্যই জোৰজবৰদস্তি ছাৰ্ভাৰৰ বন্ধ কৰি দিয়ে। আৰু এই কৰ্মৰে জড়িতকৰ্মচাৰীসকলৰ সৈতেও মাৰপিট কৰে। ইয়াক লৈ জে এন ইউ প্ৰশাসনে অভিযোগো কৰিছিল। আৰুতাৰপাছত ছাৰ্ভাৰ পুনৰ মুকলি কৰি দিয়া হয়।

আৰক্ষীৰ সূত্ৰই জনাই যে, ৪ জানুৱাৰীত পুনৰ একাংশ লোকে ছাৰ্ভাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। যাৰ ফলত পঞ্জীয়ন প্ৰক্ৰিয়া স্তব্ধ হৈ পৰে। আৰু তাৰপাছৰ দিনাখন পঞ্জীয়ন কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মাৰপিট কৰে। আৰু এনেদৰেই পেৰিয়াৰ হোষ্টেললৈ গৈ প্ৰহাৰ কৰে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত। আৰু মাৰপিটৰ ঘটনা সংঘটিত কৰা সময়ত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সদস্যও উপস্থিত আছিল।

আনহাতে, তদন্তকাৰী বিষয়াই কয়- চিচিটিভি ফুটেজ লাভ কৰা হোৱা নাইযদিও ভাইৰেল হৈ পৰা ফটো আৰু ভিডিঅ'বোৰৰ পৰা বহু তথ্য লাভ কৰা হৈছে। লগতে এই ফটোআৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰা 'ইউনিটি এগেনষ্ট লেফ্ট' নামৰ হোৱাটছএপ গ্ৰুপটোৰ একাংশলোকক চিহ্নিতও কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে জাৰি কৰা হৈছে জাননী। তেওঁলোকৰ পৰা আৰুঅধিক তথ্যৰ বাবে সোধপোছ কৰা হ'ব।

দিল্লী আৰক্ষীৰ প্ৰবক্তা এম এছ ৰন্ধাৱাই কয় যে,প্ৰতিবাদকাৰীসকলে আইন উলংঘা কৰিছে। বৃহস্পতিবাৰেও একাংশ প্ৰতিবাদকাৰীয়েজোৰজবৰদস্তি কণাৰ্ট প্লেছলৈ গুচি যায়, যি জে এন ইউ ছাত্ৰ একতা সভাৰ সৈতে জড়িত।তেওঁলোকৰ পৰা সৰ্বসাধাৰণৰ বহু অসুবিধা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাহৈছে। আমি আৰু যিমান তথ্য লাভ কৰিব আপোনালোকক (সংবাদমাধ্যম) জনাই যাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in