জেএনইউত অস্ত্ৰধাৰীৰ আক্ৰমণঃ সোধা পোছাৰ বাবে ছাত্ৰ সংঘৰ সভানেত্ৰীসহ ৯ জনলৈ SITৰ চমন…

জেএনইউত অস্ত্ৰধাৰীৰ আক্ৰমণঃ সোধা পোছাৰ বাবে ছাত্ৰ সংঘৰ সভানেত্ৰীসহ ৯ জনলৈ SITৰ চমন…

ডিজিটেল ডেস্কঃ ৫ জানুৱাৰীত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক আক্ৰমণৰ ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ এছআইটিয়ে শিক্ষাৰ্থীসহ ৯ জন সন্দেহযুক্ত লোকলৈ জাননি প্ৰেৰণ কৰি সোধা পোছাৰ বাবে মাতি পঠিয়াইছে। দিল্লী আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, এছআইটিয়ে জাননি প্ৰেৰণ কৰা এই ৯ সন্দেহযুক্ত লোকৰ ফটো ইতিমধ্যে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছে।

সূত্ৰৰ খবৰ অনুসৰি সোমবাৰৰ পৰা শিক্ষাৰ্থী কেইজনক সোধাপোছা আৰম্ভ কৰা হ'ব। প্ৰত্যেকজন শিক্ষাৰ্থীক পৃথক পৃথক দিনত আৰু বেলেগ বেলেগ সময়ত সোধা পোছা চলাব এছআইটিয়ে। ইফালে এছআইটিয়ে জাননি প্ৰেৰণ কৰা ছাত্ৰীসকলক সোধা পোছাৰ বাবে নিজেই তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰি ল'বলৈ কোৱা হৈছে যাতে নিৰ্ধাৰিত সময়ত ছাত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ দিল্লী আৰক্ষীৰ মহিলা বিষয়াই তেওঁলোকক সোধাপোছা চলাব পাৰে।

ছাত্ৰী সকলৰ বাহিৰে আন সকলক দিল্লীৰ কমলা মাৰ্কেটস্থিত ক্ৰাইম ব্ৰান্সৰ এছআইটিৰ কাৰ্যালয়ত উপস্থিত হৈ সোধা পোছাত সহযোগ কৰিবলৈ কোৱা হৈছে। জাননি প্ৰেৰণ কৰা সকলৰ ভিতৰত যদি কোনোবাই নিৰ্দিষ্ট সময়ত উপস্থিত নাথাকে, তেন্তে তেওঁলৈ পুনৰ জাননি প্ৰেৰণ কৰা হ'ব বুলি জনাইছে দিল্লী আৰক্ষীৰ এক সূত্ৰই।

প্ৰণিধানযোগ্য যে, জেএনইউত মুখাধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি হিংসাত্মক আক্ৰমণ সংঘটিত কৰাৰ ৫ দিনৰ পিছত দিল্লী আৰক্ষীয়ে যোৱা শুকুৰবাৰে ৯ জন সন্দেহযুক্ত লোকৰ ফটো মিডিয়াযোগে প্ৰকাশ কৰিছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই সন্দেহযুক্ত লোকসকলৰ ভিতৰত জেএনইউৰ ছাত্ৰ সংঘৰ সভানেত্ৰী আয়েশী ঘোষো আছে। আৰক্ষীয়ে দাবী কৰা মতে, হিংসাত্মক আক্ৰমণৰ সময়ত পোহৰলৈ অহা কেইবাটাও ভিডিঅ' পৰীক্ষণ কৰাৰ পিছত আৰক্ষীয়ে সন্দেহযুক্ত লোকসকলক চিনাক্ত কৰিবলৈ সক্ষম হয়। ৫ জানুৱাৰীত জেএনইউত মুখাধাৰী দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল ৩০ জন শিক্ষাৰ্থী আৰু শিক্ষক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in