হায় জীৱন ! জীয়াই থাকিবলৈ উশাহ ল’লেও চিন্তা হয় জীয়াই থাকিমনে…

হায় জীৱন ! জীয়াই থাকিবলৈ উশাহ ল’লেও চিন্তা হয় জীয়াই থাকিমনে…

ডিজিটেল ডেস্কঃ দেশৰ আটাইতকৈ প্ৰদূষিত বায়ুৰ চহৰ দিল্লীষ ৰাজধানী দিল্লীত এতিয়া জনতাই উশাহ ল'ব নোৱাৰা এক অৱস্থা। দিল্লী চৰকাৰৰ লগতে উচ্চতম ন্যায়ালয়ে বিভিন্ন ক্ষেত্ৰত বাধা প্ৰদান কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে যদিও সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে। ক্ৰমান্বয়ে ৰাজধানী দিল্লীত প্ৰদূষণৰ স্তৰ হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে পাইছে।

সোমবাৰৰ এয়াৰ কোৱালিটি ইনডেস্ক অনুসৰি দেশৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ ভিতৰত দিল্লী প্ৰথম স্থানত আছে। আনহাতে দিল্লীৰ উপৰিও আটাইতকৈ প্ৰদূষিত দেশৰ শীৰ্ষ ১০ খন চহৰৰ ভিতৰত আছে হাৰিয়ানাৰ পাঁচখন আৰু উত্তৰ প্ৰদেশৰ চাৰিখন চহৰ।

দিল্লী চৰকাৰ, উচ্চতম ন্যায়ালয়ৰ বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে চলোৱা সকলো প্ৰচেষ্টাক ব্যৰ্থ কৰি সোমবাৰে পুৱা দিল্লীৰ বায়ু মানদণ্ড সূচক ৪১১ ত নথিভুক্ত কৰা হৈছে। অৰ্থাৎ দিল্লীৰ বায়ুৰ স্থিতি এক গুৰুতৰ শ্ৰেণীত উপনীত হৈছে। দেওবাৰে দিল্লীত এয়াৰ কোৱালিটি ইনডেস্ক আছিল ৩৯৭।

আনহাতে দেশৰ সকলোতকৈ প্ৰদূষিত চহৰৰ দ্বিতীয় স্থানত আছে ফৰিদাবাদ (৩৯৬), তৃতীয় স্থানত আছে বাহাদুৰগড় (৩৯০), চতুৰ্থ স্থানত আছে হিছাৰ (৩৮৮) আৰু পঞ্চম স্থানত আছে গুৰুগ্ৰাম (৩৮৭)। ইয়াৰ পিছত আছে ক্ৰমান্বয়ে গাজিয়াবাদ (৩৭২), নয়ডা (৩৭০), বুলন্দচহৰ (৩৬৮), গ্ৰেটাৰ নয়ডা (৩৬০) আৰু জিন্দ (৩৬০)।

উল্লেখ্য যে, এয়াৰ কোৱালিটি ইনডেস্ক ০-৫০ হ'লে সকলতকৈ উন্নত বুলি গণ্য কৰা হয়। ইয়াৰ পিছত ৫১-১০০ লৈসন্তোষজনক, ১০১-২০০ লৈ মধ্যমীয়া, ২০১-৩০০ লৈ বেয়া, ৩০১-৪০০ লৈ অতি বেয়া বুলি গণ্য কৰা হয়। আনহাতে ৪০১-৫০০ লৈ এয়াৰ কোৱালিটি ইনডেস্ক হ'লে গুৰুতৰ বুলি গণ্য কৰা হয়। গুৰুতৰ শ্ৰেণীত বায়ুৰ মানদণ্ড থকাৰ অৰ্থ হৈছে যে ই স্বাস্থ্যৱান লোকসকলক প্ৰভাৱিত কৰে আৰু গুৰুতৰ ৰোগীৰ বাবে মাৰাত্মক হ'ব পাৰে।

গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেস্কঃ সোমবাৰে পুৱা গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেস্ক মধ্যমীয়া। গুৱাহাটীৰ ৰেলৱে কলনিত এয়াৰ কোৱালিটি ইনডেস্ক ১৮২। পাণবজাৰ অনঞ্চলত ১৭৫।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in