শেহতীয়া খবৰ
গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....  •  জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনঃ অনুষ্টুপীয়াকৈ অনুষ্ঠিত বিনিময় প্ৰথা...  •  শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা...  •  গণৰাজ্য দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন ...  •  ধেমাজিত ১৬৩ জনৰ কোভিড পজিটিভ...

দিল্লীত নগা শান্তি আলোচনাত ভাৰত চৰকাৰৰ প্ৰতিনিধি এ কে মিশ্ৰ সৈতে  এন এন জি পিৰ আহবায়ক এন কিটভি ঝিমমিৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন…

ডিজিটেল সংবাদ,ৱাখাঃ নগা শান্তি আলোচনাৰ সন্দৰ্ভত সাতটা বিদ্ৰোহী গোটৰ সমূহ, ৱৰ্কিঙ কমিটি , নগা নেচলচন পলিটিকেল গ্ৰুপ আৰু ভাৰতৰ চৰকাৰৰ প্ৰতিনিধি অক্ষয় কুমাৰ মিশ্ৰৰ মাজত নতুন দিল্লীত শনিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় । এন এন জি পিৰ আহবায়ক এন কিটভি ঝিমমিৰ  আৰু নগা শান্তি আলোচনাৰ প্ৰতিনিধি অক্ষয় কুমাৰ মিশ্ৰ মাজত হোৱা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।  ৱৰ্কিঙ কমিটি আৰু এন এন জি পিয়ে দেওবাৰে সদৰী কৰামতে  বৈঠকত দুয়োপক্ষ মাজত পৰামৰ্শমূলক , সৌহাদ্যপূৰ্ণ সম্পৰ্ক আৰু ধাৰাবাহিকতা প্ৰদৰ্শন কৰা হয়। 

দুয়োপক্ষই ভৱিষ্যতে আলোচনা অব্যাহত ৰখাৰ বাবে সন্মত হয় ।  ইফালে এন এন জি পিৰ আহবায়ক এন কিটভি ঝিমমিয়ে নগা জনসাধাৰণৰ ওচৰত নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ সন্দৰ্ভত এন এন জি পিৰ স্থিতি স্পষ্ট কৰি কৈছে যে  ভাৰত চৰকাৰক তেওঁলোকে নগা পতাকাৰ ঐতিহাসিক ,সাংস্কৃতিক  আৰু আধ্যাত্মিক গুৰুত্ব সম্পৰ্কে ভাল দৰে অৱগত কৰিছে । ভাৰতৰ চৰকাৰেও নগা নেচলচন পলিটিকেল গ্ৰুপক নগা পতাকাক যথাযথ সন্মান আৰু স্থান দিয়া হ’ব বুলি  আশ্বাস দিছে । নগা পতাকাক অনিয়ন্ত্ৰিত ৰাজনৈতিক ব্যৱহাৰ  বিষয়টো  গণতান্ত্ৰিক পদ্ধতিৰে সমাধান কৰা হ’ব।

এই বিষয়ত দাবী কৰিব পৰা নাযায়। যিহেতু ই এক প্ৰতীকী বিষয় । নগা সাংস্কৃতিক অনুষ্ঠান , গুৰুত্বপূৰ্ণ ঐতিহাসিক দিৱস আৰু নগা পৰম্পৰাগত  অনুষ্ঠানত নগা পতাকা উৰুৱা হ’ব । সুকীয়া সংবিধানৰ সন্দৰ্ভত এন কিটভি ঝিমমিয়ে কয় —  নগা উপ -জাতি সমূহৰ সঠিক ৰূপত কৰ্তত্ব থাকিব।   নগাসকলৰ একত্ৰিতকৰণৰ  সন্দৰ্ভত তেওঁ কয় — এয়া সকলো নগাৰ বৈধ অধিকাৰ । অৱশ্যে ইয়াৰ সমাধান   চুক্তিৰ পৰৱৰ্তী সময়ত কৰা হব। তেওঁ  ইণ্ডো- নগা ৰাজনৈতিক বিষয়টোত কাৰো একচেতিয়া অধিকাৰ নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইফালে এন এন জি পিৰ আহবায়ক এন কিটভি ঝিমমিৰ  নগা ৰাজনৈতিক সমস্যাৰ  পষ্ট ছলিউছন অৰ্থাৎ পৰৱৰ্তী সমাধান সূত্ৰ প্ৰস্তাৱক লৈ  তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এন এছ চি এন ইশ্বাক -মুইভা গোটে । 

ডিমাপুৰৰ  কেম্প হেব্ৰনৰ পৰা এন এছ চি এনৰ জি পি আৰ এন চৰকাৰৰ গৃহমন্ত্ৰ্যালয়ে দেওবাৰে এক প্ৰেছবাৰ্তাৰ জৰিয়তে  কৈছে যে  ভাৰত চৰকাৰে বিগত ছয়দশকৰো অধিক সময় ধৰি নগাসকলৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰক লংঘন কৰিছে। ভাৰত চৰকাৰ  নগা ৰাজনৈতিক সমস্যা সমাধানত বিভাজনমূলক নীতিত লিপ্ত হৈছে । সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটাই বৰ্তমান আলোচনাত নগা সমস্যাৰ সমাধান ধৰি ৰাখিছে । অতীতৰ দৰে ৰাজনৈতিক প্ৰতিশ্ৰুতি এৰি নগাসকলক চাতুৰতাৰে বিভ্ৰান্ত কৰাতো অপমানজনক। পুনৰ পষ্ট ছলিউছন বা পৰৱৰ্তী সমাধান চুক্তিৰে নগাসকলক জালত পেলাবলৈ চেষ্টা কৰা হৈছে।

অতীতৰ শিক্ষাৰ পৰা এন এছ চি এনে কৌশলী প্ৰস্তাৱৰ পৰা দূৰৈত থাকিব। এন এছ চি এনে স্পষ্ট কৰে যে  নগা সমস্যা সমাধানৰ নামত তেওঁলোকে কেতিয়াও নিষিদ্ধ পথ অনুসৰণ নকৰে। এন এছ চি এনে  নগা সুকীয়া পতাকা আৰু সংবিধান নগা ৰাজনৈতিক সংগ্ৰামৰ  পৰিচয় বুলি অভিহিত কৰে । ইফালে এন এছ চি এন আই এম আৰু নগা নেচলচন পলিটিকেল গ্ৰুপৰ মাজত তীব্ৰ মতানৈক্য মাজতে  নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ , উপমুখ্যমন্ত্ৰী ৱাই পেট্টনসহ ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ নেতাসকলে দিল্লীত বাহৰ পাতি  সুকীয়া সুকীয়াকৈ বিদ্ৰোহী গোটৰ নেতাৰ আলোচনা অব্যাহত ৰাখিছে ।

কালি দিল্লীৰ পৰা উভতি আহি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে কয় যে বৰ্তমান ৰাজ্য চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া বিষয়টো হৈছে নগা ৰাজনৈতিক বিষয় । এন এছ চি এন আৰু এন এন জি পিৰ নেতাসকলৰ লগত আলোচনাত মিলিত হৈছো। পূৰ্বৰ মধ্যস্ততাকাৰীক সলনি কৰি দুয়োটাপক্ষৰ মাজত ভুল বুজাবুজি দূৰ কৰি দুবছৰ ধৰি স্তব্ধ হৈ পৰা আলোচনা পুনৰ আৰম্ভ কৰিছো। বৰ্তমান আলোচনা ইতিবাচক দিশত সঠিক গতিত চলি আছে । নগা সমস্যাৰ এক চুক্তি এক সমাধান হোৱা উচিত ।

চুক্তি স্বাক্ষৰ কৰিবলৈ নগা সমূহক একত্ৰিত কৰাতো কেন্দ্ৰৰ দায়িত্ব। বৰ্তমান নগা ৰাজনৈতিক সমস্যাটোৰ সমাধান মূল দাবী হল নগাসকলৰ সুকীয়া পতাকা আৰু সংবিধান । যিহেতু চৰকাৰে নগাসকলৰ অতুলনীয় ইতিহাসক ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে গতিকে পতাকা আৰু সংবিধান বিষয় দুটাও ভাৰতীয় ইউনিয়নৰ মাজতে সমাধান হ’ব । ২০২৩ নাগা বিধানসভাৰ নিৰ্বাচনক লক্ষ্য ৰাখি নগা সমস্যা সমাধানৰ বাবে সকলোপক্ষই প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি