মহিলাক গুলীওৱাৰ অভিযোগত আটক জে ডি ইউৰ প্ৰাক্তন বিধায়ক, চাওঁক VIDEO

মহিলাক গুলীওৱাৰ অভিযোগত আটক জে ডি ইউৰ প্ৰাক্তন বিধায়ক, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে জে ডি ইউৰ প্ৰাক্তন বিধায়ক ৰাজু সিঙক। এগৰাকী মহিলাক গুলীওৱাৰ অভিযোগত আটক কৰা হয় সিঙক। দৰাচলতে, নৱবৰ্ষৰ আদৰাৰ আনন্দ-উল্লাসৰ মাজতেই সংঘটিত হৈছিল এক অঘটন। দিল্লীৰ এটা ফাৰ্মহাউছত নৱবৰ্ষক আদিৰবলৈ সাজু হোৱা সময়তে গুলীবৃদ্ধ হৈছিল এগৰাকী মহিলা। জে ডি ইউৰ প্ৰাক্তন বিধায়ক ৰাজু সিঙে এই গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। উক্ত স্থানত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকী এইমছত চিকিৎসাধীন হৈ আছিল যদিও আজি পুৱা মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। চাওঁক VIDEO-

https://twitter.com/i/status/1080730286550384640

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in