শেহতীয়া খবৰ
মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড…

231

ডিজিটেল ডেস্কঃ দেওবাৰে আকাশবাণী কেন্দ্ৰৰ প্ৰথম মহলাত জুই লগা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।দেশৰ ৰাজধানী চহৰ দিল্লীৰ সংসদ মাৰ্গত অৱস্থিত এই আকাশবাণী কেন্দ্ৰৰ জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত উপস্থিত হয়হি অগ্নি নিৰ্বাপক বাহিনী।

বৰ্তমানলৈকে এই ঘটনাত কোনো আহত হোৱাৰ খবৰ পোৱা হোৱা নাই। দিল্লী অগ্নি নিৰ্বাপক বাহিনীয়ে জনোৱা অনুসৰি পুৱা প্ৰায় ৫ বাজি ৫৭ মিনিটত জুই লাগে দিল্লীৰ আকাশবাণী কেন্দ্ৰত। ইয়াৰ লগে লগে ঘটনাস্থলীলৈ ৮ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ কৰা হয়।

খবৰ অনুসৰি, প্ৰথম মহলাৰ ১০১ নম্বৰ কোঠাত জুইৰ সূত্ৰপাত হয়। শ্বৰ্ট চাকিৰ্টৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি