দিল্লী অগ্নিকাণ্ডঃ স্বত্তাধিকাৰক আটক কৰি সোধ-পোছ আৰক্ষীৰ…

দিল্লী অগ্নিকাণ্ডঃ স্বত্তাধিকাৰক আটক কৰি সোধ-পোছ আৰক্ষীৰ…

ডিজিটেল ডেস্কঃ দিল্লীৰ ৰাণী ঝাঞ্চি ৰোডস্থিত এটা চাৰিমহলীয়া ফেক্টৰীত দেওবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৪৩জনকৈ শ্ৰমিকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে ফেক্টৰীটোৰ স্বত্তাধিকাৰ মহম্মদ ৰেহানক দেওবাৰে সন্ধিয়া আটক কৰে। ৰেহানৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰো।

আই পি চিৰ ৩০৪ ধাৰাত ৰুজু কৰা হৈছে এই গোচৰ। ফেক্টৰীটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই পলায়ন কৰিছিল ফেক্টৰীটোৰ স্বত্তাধিকাৰে। কিন্তু সন্ধিয়া ভাগত আৰক্ষীয়ে তেওঁ কৰায়ত্ত কৰে। আৰু বৰ্তমান সোধ-পোছ অব্যাহত ৰখা হৈছে। ইফালে, উদ্ধাৰ হোৱা ২৯টা মৃতদেহ চিনাক্ত কৰা হৈছে যদিও, ১৪টা মৃতদেহ এতিয়াও চিনাক্ত কৰা হোৱা নাই।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, ফেক্টৰীটোৰ স্বত্তাধিকাৰৰ লগতে মেনেজাৰ জনকোগ্ৰেপ্তাৰ কৰাহৈছে। ডিচিপি এন এম ভৰদ্বাজে সদৰী কৰা অনুসৰি, ৰেহানৰ ভাতৃকো সোধ-পোছকৰা হৈছে। উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় ৫.২২ বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড।তাৰপাছত ৩০খনকৈ অগ্নিনিৰ্বাপকৰ বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in