দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড! নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড! নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি
  • দিল্লীৰ ভয়ংকৰ অগ্নিকাণ্ডত নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি।
  • দিল্লীৰ ৰাণী ঝাঁচী ৰোডৰ আনাজ মন্দী এলেকাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • এটা ফেক্টৰীৰ ৬ নং মহলাত সূত্ৰপাত হয় জুইৰ।
  • তাৰ পিছতে অট্টালিকাটোৰ আন দুটা মহলাও গ্ৰাস কৰে ভয়ংকৰ জুই।
  • অগ্নিকাণ্ডৰ সময়ত ফেক্টৰীটোৰ ভিতৰত শুই আছিল শতাধিক শ্ৰমিক।
  • অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলায়।
  • উদ্ধাৰকাৰী দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই অগ্নিকাণ্ডত বৰ্তমানলৈকে নিহত হৈছে ৪৪ জনকৈ শ্ৰমিক।
  • অগ্নিকাণ্ডত আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে অৰ্ধশতাধিক লোক।
  • নিহত সকলৰ অধিকৰে শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে।
  • এই অগ্নিকাণ্ডত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে আৰক্ষীয়ে।
  • ইফালে দিল্লীৰ এই ভয়ংকৰ অগ্নিকাণ্ডক লৈ শোক ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে।
  • টুইটযোগে নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in