দিল্লীত আচাৰৰ ফেক্টৰীৰ টেংকীত পৰি পিতা-পুত্ৰসহ তিনিজনৰ মৃত্যু

দিল্লীত আচাৰৰ ফেক্টৰীৰ টেংকীত পৰি পিতা-পুত্ৰসহ তিনিজনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হ'ল এক কৰুণ ঘটনা। আচাৰৰ ফেক্টৰীত থকা এটা টেংকীত পৰি মৃত্যু হ'ল পিতা-পুত্ৰৰ। দেওবাৰে পুৱা দৌলাট নগৰত এই কৰুণ ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে, এই আচাৰ ফেক্টৰীটো অবৈধ্যভাৱে চলাই আছিল ব্যক্তিজনে। এটা বৃহৎ টেংক আছিল ফেক্টৰীটোত।

যিটো টেংকীত জুলীয়া ৰসায়নিক পদাৰ্থ আছিল। ইয়াতেই শাক-পাচলিবোৰ ডুবাই আচাৰ প্ৰস্তুত কৰিছিল। ফেক্টৰীটো পৰিদৰ্শনৰ সময়ত দেওবাৰে পিতা-পুত্ৰ এই টেংকীটোত পৰি যায়। তাৰ পাছতেই দুয়োকে আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে।

এই পিতা-পুত্ৰ টেংকীত পৰা প্ৰত্যক্ষ কৰিছিল ব্যক্তিজনৰ পত্নীয়ে। তেওঁ চিঞৰ বাখৰ কৰাত এজন ফেক্টৰীটোৰ শ্ৰমিকে তেওঁলোকক সহায়ৰ বাবে যাওঁতে শ্ৰমিকজনো পৰি মৃত্যুক সাৱটি লয়। এই ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in