দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া! দলত্যাগ কৰি আম আদমী পাৰ্টীত যোগ দিলে ৪ বাৰৰ বিধায়কে…

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া! দলত্যাগ কৰি আম আদমী পাৰ্টীত যোগ দিলে ৪ বাৰৰ বিধায়কে…

ডিজিটেল ডেস্কঃ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি এৰিলে এগৰাকী জ্যেষ্ঠ নেতাই। ৪ বাৰকৈ বিধায়ক হোৱা দিল্লী বিজেপিৰ জ্যেষ্ঠ নেতা হৰচৰণ সিং বল্লীয়ে শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিচৌদিয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আম আদমী পাৰ্টীত যোগ দিয়ে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে এইদৰে দলত্যাগ কৰা কাৰ্যই দিল্লীত বিজেপিৰ স্থিতি কিছু পৰিমাণে হ'লেও দুৰ্বল কৰি পেলোৱা বুলি মন্তব্য কৰিছে বিভিন্নজনে।

উল্লেখ্য যে, ১৯৯৩ চনৰ পৰা ২০১৩ চনলৈ দিল্লীৰ হৰিনগৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে ৪ বাৰকৈ বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল হৰচৰণ সিং বল্লী। তেওঁ মদনলাল খুৰানাৰ চৰকাৰত মন্ত্ৰী হিচাপেও দায়িত্ব লাভ কৰিছিল। শেহতীয়াকৈ তেওঁ আম আদমী পাৰ্টীৰ কাম কাজত প্ৰভাৱিত হোৱা দেখিবলৈ পোৱা গৈছিল।

'মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ জয় হয়। তেওঁ দিল্লীক মাতৃ হিচাপে গণ্য কৰি যি সততা আৰু নিষ্ঠাৰে কাম কৰিছে, তাত কাৰো সন্দেহ নাই। তেওঁৰ দায়িত্ববোধে আজি দিল্লীবাসীক মাজত তেওঁক লোকপ্ৰিয় কৰি তুলিছে। কামৰ আধাৰত ভোট বিচৰা যি ৰাজনীতি কেজৰিৱালে কৰিছে, সেই ৰাজনীতিৰ অংশ হ'বলৈ পাই মই সুখী হৈছো।' -আম আদমী পাৰ্টীত যোগদান কৰি এইদৰে মন্তব্য কৰে হৰচৰণ সিং বল্লীয়ে। উল্লেখ্য যে, শনিবাৰে একেটা অনুষ্ঠানতে হৰিনগৰ বিধানসভা সমষ্টিৰ কেইবাগৰাকী বিজেপি কৰ্মীয়েও আনুষ্ঠানিকভাৱে আম আদমী পাৰ্টীত যোগ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in