৮ ফেব্ৰুৱাৰীত দিল্লীৰ ৰাজপথত হ’ব ভাৰত-পাকিস্তানৰ যুদ্ধঃ বিজেপি নেতাৰ বিৰ্তকিত টুইট…

৮ ফেব্ৰুৱাৰীত দিল্লীৰ ৰাজপথত হ’ব ভাৰত-পাকিস্তানৰ যুদ্ধঃ বিজেপি নেতাৰ বিৰ্তকিত টুইট…

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ অহা ৮ ফেব্ৰুৱাৰীত দিল্লীৰ ৰাজপথত হ'ব ভাৰত-পাকিস্তানৰ যুদ্ধ। এগৰাকী বিজেপি নেতাৰ এই টুইটে শেহতীয়াকৈ বিৰ্তকৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত। টুইটো কৰিছিল দিল্লীৰ বিজেপি নেতা কপিল মিশ্ৰাই। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে বিপক্ষই আক্ৰমণ কৰিবলৈ গৈ এতিয়া নিৰ্বাচনী আয়োগৰ ৰোষত পৰাৰ উপক্ৰম হৈছে মধ্য টাউন দিল্লী সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী।

মিশ্ৰাৰ বিৰ্তকিত টুইটটোত ফেব্ৰুৱাৰীত দিল্লীৰ ৰাজপথত হ'ব ভাৰত-পাকিস্তানৰ যুদ্ধ হ'ব বুলি উল্লেখ কৰাৰ লগতে কোৱা হৈছে যে, দিল্লী বহু অঞ্চল মিনি পাকিস্তানলৈ পৰিৱৰ্তন হৈছে। উল্লখ্য যে, এই বিৰ্তকিত টুইটক লৈ মুখ্য নিৰ্বাচনী আয়োগে দিল্লী নিৰ্বাচন আয়োগৰ পৰা এক ৰিৰ্পট প্ৰেৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in