হয়, আমি নোৱাৰিলোঃ দিল্লীত ‘হাত’ দাঙি দিলে কংগ্ৰেছে…

হয়, আমি নোৱাৰিলোঃ দিল্লীত ‘হাত’ দাঙি দিলে কংগ্ৰেছে…

দিল্লী বিধানসভা নিৰ্বাচনৰ শেহতীয়া ফলাফলৰ পাছত কংগ্ৰেছে স্বীকাৰ কৰি লৈছে পৰাজয়। দিল্লী কংগ্ৰেছৰ মুৰব্বী সুভাষ চোপ্ৰাই এই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি কয় যে দলে যি প্ৰদৰ্শন আগবঢ়ালে তাৰ দায়িত্ব তেওঁ নিজৰ কান্ধত লৈছে।

কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে দিল্লীত কিয় দলটো বিপৰ্যয়ৰ সন্মুখীন হ'ল সেই সন্দৰ্ভত বিশ্লেষণ আৰু চৰ্চা কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। এটা সমষ্টিতো কংগ্ৰেছৰ প্ৰাৰ্থীয়ে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব নোৱাৰাটো বিচাৰ্য্য বিষয় বুলি স্বীকাৰ কৰি লয় চোপ্ৰাই।

এই সন্দৰ্ভত অধিক কাৰণ ব্যাখ্যাৰ পৰা বিৰত থাকি দিল্লী কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে আপ আৰু বিজেপিৰ মাজত হোৱা ভোটৰ বিভাজনৰ বাবেই কংগ্ৰেছে এনে পৰাজয়ৰ সন্মুখীন হ'ল বুলিও মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in