কেজৰিৱালৰ ভুৱা ভিডিঅ’ শ্বেয়াৰ কৰি বিপদত বিজেপি নেতা চম্বিত পাত্ৰা…

কেজৰিৱালৰ ভুৱা ভিডিঅ’ শ্বেয়াৰ কৰি বিপদত বিজেপি নেতা চম্বিত পাত্ৰা…

ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত ভুৱা পোষ্ট কৰি এইবাৰ আদালতৰ ৰোষত বিজেপিৰ শীৰ্ষ নেতা। ৰাষ্ট্ৰীয় বিজেপিৰ মুখপাত্ৰ চম্বিত পাত্ৰাৰ বিৰুদ্ধে এফ আৰ আই ৰুজু কৰিবলৈ শেহতীয়াকৈ নিৰ্দেশ প্ৰদান কৰিছে দিল্লীৰ এখন আদালতে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ভুৱা প্ৰচাৰৰ অভিযোগত এনেদৰে আইনী মেৰপেচত সোমাই পৰিছে বিজেপিৰ শীৰ্ষ নেতাগৰাকী।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে এক ভুৱা ভিডিঅ আপলোড কৰিছিল বিজেপি নেতাগৰাকীয়ে। উক্ত বিষয়ৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আইনৰ কাষ চাপিছিল আম আদমী পাৰ্টিৰ কৰ্মীসকল। আৰু অৱশেষত এগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা প্ৰচাৰৰ অভিযোগত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আদালতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in