ফাইল ফটো
ফাইল ফটো

কোভিড-১৯ঃ দিল্লীত আৰোগ্যৰ হাৰ ৯০ শতাংশলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ দিল্লীত কোৰোনা ভাইৰাছৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। ৰাজ্যখনত আৰোগ্য হোৱা লোকৰ হাৰ  ৯০ শতাংশৰো অধিক হৈছে। ৰাজধানী দিল্লীত বৰ্তমান এই ভাইৰাছত আক্ৰান্ত ৭.০৭ শতাংশ লোকহে হৈ আছে চিকিৎসাধীন। ইফালে, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ ২.৮২ শতাংশ ৰাজ্যখনত।

উল্লেখ্য যে, ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ৭০৭জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। আৰু ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১,৪৬,১৩৪জনলৈ পাইছে বৃদ্ধি। আনহাতে, ২৪ ঘন্টা সময়চোৱাত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ২০জন লোকৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in