যোৱা ২৪ ঘন্টাত ৰাজধানী দিল্লীত ১৪০৪জনৰ দেহত কোভিড-১৯…

28

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিটো প্ৰান্তত কোৰোনাৰ সংহাৰ অব্যাহত আছে। কিন্তু তাৰ মাজতে ৰাজধানী দিল্লীত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ হাৰ ৮৯.৭৫ শতাংশ হৈছেগৈ আৰু চিকিৎসাধীন হৈ আছে ৭.৪ শতাংশ লোক। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ ১৪০৪জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ইফালে, এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১৬জন লোকে হেৰুৱাই প্ৰাণ।

উল্লেখ্য যে, দিল্লীত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৪৪,১২৭জনলৈ পাইছে বৃদ্ধি। আনহাতে, ৰাজ্যখনত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪০৯৮জনলৈ পাইছে বৃদ্ধি। জানিব পৰা মতে, দিল্লীত ২৪৫৯২জন লোকৰ যোৱা ২৪ ঘন্টাত কৰা হৈছে টেষ্ট।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি