দিল্লীত কনিষ্টবলৰ পত্মীৰ আত্মহননৰ ঘটনাঃ অচেতন অৱস্থাত দুই শিশুক উদ্ধাৰ

দিল্লীত কনিষ্টবলৰ পত্মীৰ আত্মহননৰ ঘটনাঃ অচেতন অৱস্থাত দুই শিশুক উদ্ধাৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দিল্লীৰ ঘিটৰনি অঞ্চলত এক আশ্বৰ্যকৰ ঘটনা সংঘটিত হয়। দিল্লী আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ পত্নীৰ দেহ ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। মহিলাগৰাকীৰ দুটা শিশু বাথৰুমত অচেতন অৱস্থাত পোৱা যায়।

বৃহস্পতিবাৰে নিশা প্ৰায় ৮ মান বজাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, সুনীল নামৰ দিল্লী আৰক্ষীৰ এগৰাকী কনিষ্টবল কৰ্ম ব্যস্ততাৰ পৰা সন্ধিয়া ঘৰলৈ উভতি আহি পত্নীক ঘৰৰ দৰ্জাখন তুলি দিবলৈ কোৱা পিছতো বহু সময়ত খুলি দিয়া নাছিল। দৰ্জাখন খুলি নিদিয়াত কনিষ্টবল গৰাকীয়ে দৰ্জাখন ভাঙি ভিতৰৰ সোমাই যায়। ভিতৰৰ গৈ তেওঁ দেখে যে, তেওঁ পত্নীগৰাকী এখন ফেনত চিপজৰী লৈ ওলমি আছে আৰু দুয়োটা শিশু বাথৰুমত অচেতন হৈ পৰি আছে আৰু এই দৃশ্য দেখাৰ লগে লগে তেওঁ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী উপস্থিত হৈয়েই তৎকালীন ভাৱে দুয়োটা শিশুক চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। লগতে ঘটনাটো আত্ম হত্যা নে পৰিকল্পিত হত্যা সেয়া তদন্তৰ পিছতহে ওলাই কৰিব বুলি আৰক্ষীয়ে অৱগত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in