৩৪ বছৰৰ পাছত দিল্লীৰ শিখ নিধন যজ্ঞৰ দোষীক শাস্তি প্ৰদান আদালতৰ, VIDEO

৩৪ বছৰৰ পাছত দিল্লীৰ শিখ নিধন যজ্ঞৰ দোষীক শাস্তি প্ৰদান আদালতৰ, VIDEO

ডিজিটেল ডেস্কঃ দিল্লীৰ উচ্চ ন্যায়ালয়ে ১৯৮৪চনত সংঘটিত শিখ নিধন যজ্ঞৰ দোষী সাব্যস্ত কৰি কংগ্ৰেছ নেতা সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড শাস্তি বিহিছে। ন্যায়ালয়ে সোমবাৰে এই ৰায় প্ৰদান কৰি ৩১ ডিচেম্বৰৰ পূৰ্বেই তেওঁক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিছে। ইয়াৰোপৰি তেওঁক ন্যায়ালয়ে ৫লাখ টকা জৰিমনা বিহিছে।

এই গোচৰত কুমাৰৰ লগতে কেপ্টেইন ভাগমল গিৰ্ধাৰী লাল আৰু প্ৰাক্তন কংগ্ৰেছৰ কাউন্সিলাৰ বলৱন কোখাৰকো যাৱজ্জীৱন কাৰাবাসৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে কিষাণ কোখাৰ আৰু মহেন্দ্ৰ যাদৱক ন্যায়ালয়ে ১০ বছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে।

ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতেই ১৯৮৪চনত সংঘটিত শিখ নিধন যজ্ঞৰে জড়িত অপৰাধীক শাস্তি দিয়াত সন্তুষ্টি ব্যক্ত কৰিছে শিৰোমণি আকালী দলে। অৱশ্যে তেওঁলোকে কয়- 'আমাৰ যুঁজ অব্যাহত থাকিব সজ্জন কুমাৰক মৃত্যুৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in