দিল্লীত মন্দিৰ দৰ্শন কৰিবলৈ গৈ থকা সময়তে ভস্মীভূত বাহন, মৃত্যু দুই শিশু আৰু মাতৃৰ

দিল্লীত মন্দিৰ দৰ্শন কৰিবলৈ গৈ থকা সময়তে ভস্মীভূত বাহন, মৃত্যু দুই শিশু আৰু মাতৃৰ

ডিজিটেল ডেস্কঃ দিল্লীৰ অক্ষৰধাম পথত দেওবাৰে এক শোকাৱহ পথদুৰ্ঘটনা সংঘটিত হয়। অক্ষৰধাম অভিমুখে গৈ থকা এখন কাৰত অগ্নিৰ সূত্ৰপাত ঘটি এগৰাকী মহিলা আৰু দুটি শিশুৰ কৰুণ মৃত্যু ঘটে। ইফালে এই দুৰ্ঘটনাটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এজন ব্যক্তি আৰু এটি শিশুৰ।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত উপেন্দ্ৰ নামৰ ব্যক্তিজনে পত্নী আৰু তিনি সন্তানক লগত লৈ অক্ষৰধাম মন্দিৰ দৰ্শনৰ বাবে গৈ আছিল। তেওঁলোকে গৈ থকা বাহনখন অক্ষৰধাম পথ পোৱাৰ সময়তে বাহনৰ পিছফালে প্ৰচণ্ড জুইৰ সূত্ৰপাত হয়। বাহনখনত জুই সূত্ৰপাত হোৱা প্ৰত্যক্ষ কৰি চালকৰ চিটত বহি থকা উপেন্দ্ৰই কাষত বহি থকা কন্যাক লগত লৈ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও পিছফালৰ চিটত বহি থকা তেওঁৰ পত্নী ৰঞ্জনা আৰু দুই কণমানি সন্তান বাহনখনৰ ভিতৰতে আবদ্ধ হৈ পৰি মৃত্যুমুখত পৰে।

আৰক্ষীয়ে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে সন্ধিয়া প্ৰায় ৭.২৫ বজাত ঘটনাস্থলীত উপস্থিত হৈ আহত উপেন্দ্ৰ আৰু শিশুটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে বাহনখনৰ ভিতৰত মৃত্যুক আঁকোৱালি লোৱা শিশুদুটিৰ বয়স ২ আৰু ৫ বছৰ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যান্ত্ৰিক বিজুতিৰ বাবেই বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in