এগৰাকী প্ৰাক্তন সৈনিকে ক’লে- ‘এনে লাগিবলৈ ধৰিছে যেন এই দেশত থকাৰ মোৰ অধিকাৰেই নাই…’

এগৰাকী প্ৰাক্তন সৈনিকে ক’লে- ‘এনে লাগিবলৈ ধৰিছে যেন এই দেশত থকাৰ মোৰ অধিকাৰেই নাই…’

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২২ বছৰ ভাৰত মাতৃৰ বাবে সেৱা আগবঢ়োৱা আছ মহম্মদৰ এতিয়া থাকিবলৈ নাই এটা ঘৰ। বিগত সপ্তাহত উত্তৰ পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত অইন বহুতৰ দৰে দুস্কৃতিকাৰীয়ে জ্বলাই দিছিল প্ৰাক্তন সৈনিক জনৰ ঘৰটোও। তাৰ পিছতে এতিয়া সহস্ৰাধিক লোকৰ সৈতে মুস্তাফাবাদৰ ঈদগাহত থকা সাহায্য শিৱিৰত আছ মহম্মদ আৰু তেওঁৰ পৰিয়ালে দিন অতিবাহিত কৰিবলগা হৈছে।

চিআৰপিএফ জোৱান হিচাপে ২২ বছৰ দেশৰ বাবে সেৱা আগবঢ়াই ২০০২ চনত হেড কনিষ্টবলৰূপে অৱসৰ গ্ৰহণ কৰিছিল ৫৮ বৰ্ষীয় আছ মহম্মদে। অৱসৰৰ পিছতে তেওঁ দিল্লীৰ ভাগীৰথী বিহাৰত আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছিল এটা বাসগৃহ। য'ত পৰিয়ালৰ সৈতে একেলগে এক সুন্দৰ জীৱন অতিবাহিত কৰি আহিছিল আছ মহম্মদে।

'সেইদিনা আমাৰ অঞ্চলটোত ২০০-৩০০ দুস্কৃতিকাৰীয়ে হাতত অস্ত্ৰ শস্ত্ৰ লৈ প্ৰৱেশ কৰে আৰু মানুহৰ ঘৰলৈ লক্ষ্য কৰি শিলাবৰ্ষণ আৰু গুলীচালনা কৰে। তাৰ পাছত এটা এটাকৈ ঘৰবোৰত অগ্নি সংযোগ কৰে। সেই সময়ত মই ঘৰত মোৰ ২৬ বছৰীয়া ল'ৰাটোৰ লগত আছিল। দুস্কৃতিকাৰীয়ে আক্ৰমণ চলোৱাৰ পিছত আমি চাদলৈ গৈ কোনোমতে তাৰ পৰা জঁপিয়াই চুবুৰীয়াৰ ঘৰত পৰিলো। সেই সময়ত আমাৰ জীৱন ৰক্ষা পৰিলেও মৰমৰ ঘৰখন ৰক্ষা নপৰিল। মোৰ ভতিজাৰ বিবাহৰ বাবে ঘৰত মজুত কৰি ৰখা সোণৰ গহনা আৰু নগদ ধন খিনিও লুটি লৈ গ'ল দুস্কৃতিকাৰীয়ে।' -এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত এইদৰে সেই দিনটোৰ বৰ্ণনা দিয়ে প্ৰাক্তন সৈনিক গৰাকীয়ে।

লগতে তেওঁ দুখ ব্যক্ত কৰি কয়, 'সৈনিক জীৱনত বহু ঘাত প্ৰতিঘাত দেখিছো। ১৯৯১ চনত মই যেতিয়া কাশ্মীৰত কৰ্তব্যৰত আছিলো, তেতিয়াও মই আহত হৈছিলো। কিন্তু এনে হিংসাৰ পিছত এনে লাগিছে যেন মোৰ এই দেশত থকাৰ অধিকাৰেই নাই।' প্ৰণিধানযোগ্য যে, উত্তৰ পূব দিল্লীত বিগত সপ্তাহত সংঘটিত হিংসাত্মক ঘটনাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল ভাগীৰথী বিহাৰ। দিল্লীৰ বৰ্তমানলৈকে হিংসাত্মক ঘটনাত ৪৭ জন লোক নিহত হোৱাৰ উপৰিও আহত হৈছে কেইবা শতাধিক লোক।

ইফালে, দিল্লীৰ হিংসাত্মক ঘটনাত দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া বিএছএফ জোৱান মহম্মদ অনিছাৰ বাসগৃহটো নতুনকৈ নিৰ্মাণ কৰি দিব বিএছএফে। পশ্চিম বংগৰ শিলিগুৰিৰ ৰাধাৱৰীত কৰ্তব্যৰত ২৯ বৰ্ষীয় বিএছএফ জোৱানগৰীকৰ বিবাহত সেই বাসগৃহটো উপহাৰ হিচাপে প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে বিএছএফৰ এগৰাকী উচ্চপদস্থ বিষয়াই। লগতে জোৱানজনক শিলিগুৰিৰ পৰা বদলি কৰি দিল্লীত নিযুক্তি প্ৰদান কৰা হ'ব বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in