এসপ্তাহৰ বাবে দিল্লীৰ সীমান্ত ছীলঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

এসপ্তাহৰ বাবে দিল্লীৰ সীমান্ত ছীলঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে- দিল্লীৰ সীমান্ত আগন্তুক এসপ্তাহৰ বাবে ছীল কৰা হ'ব। এই সময়চোৱাত কেৱল সীমান্তৰে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মচাৰীসকলহে অহা-যোৱা কৰিব পাৰিব।

মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে কয় যে, ৰাজ্যবাসীৰ মতামত গ্ৰহণ কৰাৰ পাছতহে দিল্লীৰ সীমান্ত খোলাৰ সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। তদুপৰি ৰাজ্যখনত শীঘ্ৰে চেলুন খোলা হ'ব বুলিও ঘোষণা কৰে অৰবিন্দ কেজৰিৱালে। ইফালে, নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে ৰাজ্যখনত জাৰি কৰা হ'ব সান্ধ্য আইন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in