আগন্তুক সাংসদৰ অধিবেশনতেই গৃহীত কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক, দিল্লীত তৎপৰ বৰাকৰ বিজেপিৰ নেতৃত্ব

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ হিন্দু বাংলাদেশীৰ সংস্থাপনৰ দাবীত এতিয়া তৎপৰ হৈছে ৰাজ্যৰ একাংশ  বিজেপি নেতা।বৰাকৰ এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবিন্দ্ৰ পুৰকায়স্থৰ নেতৃত্বত দিল্লীত বাহৰ পাতিছে দলটোৰ ১১জনকৈ নেতাই । বৰাকৰ এই বিজেপি নেতা কেইজনে সংসদৰ পৰৱৰ্তী অধিবেশনতেই জাতি ধ্বংসী নাগৰিক সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ দাবী উত্থাপনেৰে সাক্ষাৎ কৰিছে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙক।

যিসময়ত এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ আৰু আন্দোলন গঢ় লৈ উঠিছিল। সেই সময়তে সমান্তৰালভাৱে এই বিধেয়কখন গৃহীত কৰাৰ বাবে হেচা প্ৰয়োগ কৰিছে বৰাকৰ বিজেপি নেতৃত্বই। বৰাকৰ বিজেপিৰ এই তৎপৰতাৰ বিপৰীতে কিন্তু নিমাতে আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

অথচ সম্পাদকসকলক সাক্ষাৎ কৰা সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য আৰু জাতিৰ ক্ষতিসাধন কৰিব পৰা কোনো কাম তেওঁ নকৰে বুলি আশ্বস্ত কৰিছিল। অমিত শ্বাহে দিল্লীত অনু্ষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত এই বিধেয়কখন গৃহীত হ'ব বুলি ঘোষণা কৰাৰ পাছতো নিমাতে আছে ৰাজ্যৰ বিজেপি নেতৃত্ব তথা মুখ্যমন্ত্ৰীগৰাকী।

তাৰ বিপৰীতে অমিত শ্বাহৰ মন্তব্যৰ  সুযোগ লৈ এই বিধেয়ক গৃহীত কৰাৰ বাবে দিল্লীত গৈ বাহৰ পাতিছেগৈ বৰাকৰ বিজেপি নেতৃত্বই। এন আৰ চিৰ সন্দৰ্ভতো গৃহমন্ত্ৰীৰে আলোচনা কৰে বৰাকৰ ১১ জনীয়া প্ৰতিনিধি দলটোৱে । ডি ভোটাৰৰ সমস্যা সমাধানৰো দাবী তুলি প্ৰতিনিধি দলটোৱে অচিৰেই বৰাক ভ্ৰমণৰ বাবে গৃহমন্ত্ৰী ৰাজনাথ সিঙক অনুৰোধ জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in