৬ ঘন্টা লাইনত অপেক্ষা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে অৰবিন্দ কেজৰিৱালে…

৬ ঘন্টা লাইনত অপেক্ষা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে অৰবিন্দ কেজৰিৱালে…

ডিজিটেল ডেস্কঃ প্ৰায় ৬ ঘন্টা সময় লাইনত অপেক্ষা কৰি মঙলবাৰে সন্ধিয়াভাগত মনোনয়ন পত্ৰ দাখিল কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। মঙলবাৰে দিনৰ প্ৰায় ১২.৩০ বজাৰ পৰা ৰিৰ্টানিং বিষয়াৰ কাৰ্যালয়ত লাইনত অপেক্ষা কৰি নতুন দিল্লী বিধানসভা সমষ্টিৰ বাবে তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰিলে কেজৰিৱালে।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত কেজৰিৱালৰ সৈতে উপস্থিত আছিল মাতৃ-পিতৃৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল। মঙলবাৰে দিনৰ প্ৰায় ১২ বজাতে দিল্লীৰ জামনগৰ স্থিত ৰিৰ্টানিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱা কেজৰিৱালৰ পূৰ্বে অধিক সংখ্যক নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন।

মনোনয়নৰ বাবে কেজৰিৱালক দিয়া হৈছিল ৪৫ নম্বৰৰ টোকেন। উল্লেখ্য যে, ২০১৪ চনত কেজৰিৱালে এই সমষ্টিত পৰাভূত কৰিছিল সেইসময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত শীলা দীক্ষিতক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in