বাসগৃহৰ ভিতৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ একেটা পৰিয়ালৰ ৫ সদস্যৰ মৃতদেহ…

বাসগৃহৰ ভিতৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ একেটা পৰিয়ালৰ ৫ সদস্যৰ মৃতদেহ…

ডিজিটেল ডেস্কঃ দিল্লীৰ ভজনপুৰা এলেকাৰ চি ব্ল'কৰ এটা বাসগৃহত উদ্ধাৰ কৰা হয় একেটা পৰিয়ালৰে ৫জনকৈ লোকৰ মৃতদেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সদৰী কৰা অনুসৰি, প্ৰায় ১১.৩০ বজাত তেওঁলোকে এটা বাসগৃহৰ ভিতৰৰ পৰা দুৰ্গোন্ধ পোৱা বুলি খবৰ লাভ কৰে।

যেতিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় তেতিয়াবাসগৃহটোৰৰ সন্মুখৰ গেটখন বাহিৰৰ পৰা আৰু পিছফালৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থোৱাবুলি জনাই আৰক্ষীৰ লোকে। আৰক্ষীয়ে বাসগৃহটোৰ ভিতৰত সোমাই ৫জন লোকৰ মৃতদেহ অৰ্ধগলিতঅৱস্থাত উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা মৃতদেহ কেইটা ক্ৰমে শম্ভুনাথ (৪৩),তেওঁৰ পত্নী সুনীতা (৩৮), পুত্ৰ কমল (১৬), শচীন (১৪) আৰু শিৱম (১২)ৰ। মৃতদেহ কেইটাপ্ৰায় ৪-৫দিন আগৰে পৰা বাসগৃহত থকা বুলি সন্দেহ ব্যক্ত কৰে আৰক্ষীয়ে। এই ঘটনা কেনেকৈআৰু কিয় সংঘটিত হ'ল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে যদিও, প্ৰাথমিক তদন্ততএয়া আত্মহত্যাৰ ঘটনা বুলিয়ে সন্দেহ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in