PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ…

PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ সময়ত ঘৰতে থাকিব লগা হৈছে বহু লোক। লাহে লাহে লকডাউনৰ নীতি-নিয়মত শিথিলতা চৰকাৰে প্ৰদান কৰিছে যদিও শিক্ষানুষ্ঠান, স্কুল-কলেজ বন্ধ ৰখাৰ বাবে ঘৰত থাকি সময় অতিবাহিত কৰাৰ বাবে কম বয়সীয়া ল'ৰা-ছোৱালীবোৰে খেলিছে পাবজি (PUBG)।

তাৰ মাজতে সংঘটিত হৈছে এক আজৱ ঘটনা। দিল্লীৰ নেবচৰায়ত আৰক্ষীয়া দুজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে। দৰাচলতে, পাবজি এনে এটা খেল য'ত একেলগে বহু কেইজন বন্ধুৱে মিলি খেলিব লাগে। গ্ৰেপ্তাৰ কৰা কিশোৰ দুজনৰ লগতে সিহঁতৰ বন্ধুৰ লগত ভাল ম'বাইল নথকাৰ চুৰি কৰে ২০টাকৈ ম'বাইল।

উল্লেখ্য যে, ২৯ মে'ত নেবচৰায়ৰ এখন ম'বাইলৰ দোকানৰ মালিক বিকাশ সিঙে জনাই যে, আগনিশা তেওঁৰ দোকানৰ পৰা ২০টা ম'বাইল, ৩০টা ম'বাইলৰ বেটাৰী চুৰি হৈছে। এই চুৰিকাণ্ডৰ গোচৰ ৰুজু কৰাৰ পাছত আৰক্ষীয়ে তদন্ত চলায়। আৰু এই তদন্তত দোকানখনৰ ওচৰ-পাজৰে থকা চিচি টিভি কেমাৰৰ ভিডিঅ' চাই আৰক্ষীয়ে।

তাৰপাছতে আৰক্ষীয়ে ধৰা পেলাই চোৰক। তাৰপাছত ৩০ মে'ৰ দিনাখন আৰক্ষীয়ে দুয়োজন কিশোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে ম'বাইল আৰু ম'বাইলৰ বেটাৰী কেইটা। যেতিয়া আৰক্ষীয়ে সোধ-পোছ কৰে, তেতিয়া কিশোৰ দুজনে কয় যে, সিহঁতে পাবজি খেলাৰ বাবেই এই চুৰি কাণ্ড সংঘটিত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in