ডেৰাডুনৰ বৰ্ডিং স্কুলত দশম শ্ৰেণীৰ ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ

ডেৰাডুনৰ বৰ্ডিং স্কুলত দশম শ্ৰেণীৰ ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ৰেৱাড়ী কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ ডেৰাডুনত পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। উত্তৰাখণ্ডৰ ৰাজধানী চহৰখনৰ এখন বৰ্ডিং স্কুলত সংঘটিত হৈছে এই ঘটনা।

বিদ্যালয়খনৰ একাংশ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যোৱা মাহত দলৱদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ইতিমধ্যে বিদ্যালয়খনৰ ৫জন কৰ্মচাৰী আৰু ৪জন ছাত্ৰক আৰক্ষীয়ে আটক কৰিছে।

প্ৰায় এমাহ পূৰ্বে সংঘটিত হোৱা এই জঘন্য ঘটনাৰ কথা এতিয়াহে পোহৰলৈ আহে। বিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গোপন কৰিবলৈ চেষ্টা চলাই যদিও ছাত্ৰীগৰাকীৰ একাংশ শুভকাংক্ষীয়ে আৰক্ষীক সবিশেষ অৱগত কৰে।

আৰক্ষীয়ে জনোৱা মতে, দুদিন পূৰ্বে ভূক্তভোগী ছাত্ৰীগৰাকীয়ে একেখন স্কুলতে অধ্যয়নৰত বায়েকক অসুস্থতাৰ কথা জনায়। বায়েকে কি অসুখ হৈছে বুলি সোধাত সকলো কথা ওলাই পৰে। লগে লগে বায়েকে তেওঁৰ বান্ধৱীসকলৰ সৈতে আৰক্ষীৰ কাষ চাপে।

ভূক্তভোগী ছাত্ৰীগৰাকীয়ে কোৱা নামৰ ভিত্তিতে আৰক্ষীয়ে জ্যেষ্ঠ ছাত্ৰ কেইজনক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। বিষয়টো সম্পৰ্কে অৱগত হোৱাৰ পিছতে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃও বিদ্যালয়খনত উপস্থিত হৈ কৰ্তৃপক্ষক জবাবদিহি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in