উচ্ছেদ চলিব আমাজন বৰ্ষাৰণ্যত ! কাটি পেলোৱা হ’ব হেজাৰ হেজাৰ গছ…

উচ্ছেদ চলিব আমাজন বৰ্ষাৰণ্যত ! কাটি পেলোৱা হ’ব হেজাৰ হেজাৰ গছ…

ডিজিটেল ডেস্ক : নিজৰেই সংস্থাৰ সকিয়নি অমান্য কৰি ব্ৰাজিল চৰকাৰক আমাজনৰ বৰ্ষাৰণ্যৰ মাজেৰে ঘাইপথ নং বিআৰ-৩১৯ ৰ বাবে পথ মোকলাবলৈ অনুমতি প্ৰদান কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰীয় পৰিৱেশ সংস্থাৰ অধ্যক্ষ এডূৱাৰ্ডো বিমে ।
মানাউছ আৰু প'ৰ্ট' ভেলহ' নামৰ চহৰ দুখনক সংযোগ কৰা প্ৰায় ৮৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঘাইপথে আমাজন বৰ্ষাৰণ্যৰ একেবাৰে অসূৰ্য্যস্পৰ্শা অঞ্চলসমুহক সাঙুৰি যাব বুলি মন্তব্য কৰিছে পৰিৱেশ বিশেষজ্ঞসকলে । বিআৰ-৩১৯ এ ভৱিষ্যতলৈ যাতায়তৰ ঠাইত চোৰাং চিকাৰী আৰু অবৈধ ভূমি দখলকাৰীক হে সহায় কৰিব বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে ।

আনহাতে, অন্য এক অধ্যয়ন অনুসৰি এই ঘাইপথে আমাজন বৰ্ষাৰণ্যত চলি থকা নিৰ্বনীকৰণক পাঁচগুণ বৃদ্ধি কৰিব ।
উল্লেখ্য যে, এই বিআৰ-৩১৯ নিৰ্মাণ হৈছিল ১৯৭০ৰ দশকত ব্ৰাজিলত মিলিটে্ৰীৰ শাসন চলি থকা অৱস্থাত । কিন্তু বছৰটোৰ প্ৰায় ছমাহ কাল ঘন বৰষুণৰ বাবে পৰিত্যক্ত অৱস্থাতেই থাকে এই পথ । তেনেস্থলত এই পথ নতুনকৈ যাতায়তৰ বাবে মুকলি কৰাৰ কোনো প্ৰয়োজনেই নাছিল চৰকা্ৰৰ ।

২০২১ চনত বিশ্বক জোকাৰি যোৱা আমাজনৰ বনজুইৰ এবছৰ পাছতে এই নিৰ্বনীকৰণত
সহস্ৰাধিক মূল্যবান গছ ধংস হোৱাৰ আশংকা অধিক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in