চকীদাৰেই চোৰ! ৰাহুলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিজেপিৰ নেত্ৰীৰ মানহানিৰ গোচৰ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ৰাফেল কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত টিপ্পনী কৰাক লৈ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ পৰা উত্তৰ বিচাৰিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে বিজেপিৰ হৈ সাংসদ মিনাক্ষী লেখীয়ে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি ২২ এপ্ৰিলৰ ভিতৰত উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীক উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই গোচৰৰ সন্দৰ্ভত পৰৱৰ্তী শুনানি ২৩ এপ্ৰিলত গ্ৰহণ কৰা হ'ব উচ্চতম ন্যায়ালয়ত।

ৰাফেল কেলেংকাৰীক লৈ মোডীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে 'চকীদাৰেই চোৰ' বুলি কৰা মন্তব্যক অপমানজনক আখ্যা দি কংগ্ৰেছ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে মিনাক্ষী লেখীয়ে উচ্চতম ন্যায়ালয়ত মানহানিৰ গোচৰ তৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে সোমবাৰে এই নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য যে, ৰাফেল চুক্তি সন্দৰ্ভত বিৰোধীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰাফেল ফাইলৰ পুনৰ শুনানিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ আপত্তিৰ পিছতো উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে এতিয়া উচ্চতম ন্যায়ালয়েও চকীদাৰক চোৰ বুলি মানি লৈছে।

ৰাহুল গান্ধীৰ এই মন্তব্যই ন্যায়ালয়ক অবামননা কৰা বুলি দাবী কৰি বিজেপি নেত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰে। এই গোচৰৰ শুনানিত ন্যায়ালয়ে কয় যে ৰহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক ভুল ধৰণে প্ৰয়োগ কৰিছে।hu

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in