জাক জাক মাফিয়া, শাৰী শাৰী অট্টালিকা, পানীত ককবকাইছে উশাহহীন হাড়গিলাই…

জাক জাক মাফিয়া, শাৰী শাৰী অট্টালিকা, পানীত ককবকাইছে উশাহহীন হাড়গিলাই…

ক্ৰমাৎ পোত গৈছে দীপৰবিল। বৃহৎ জলাশয়খন সংকুচিত হৈ চৌপাশে এতিয়া বাঢ়ি আহিছে বৃহৎ বৃহৎ অট্টালিকাৰে ভৰা আৱাসস্থল। এসময়ৰ পৰিভ্ৰমী চৰাই আৰু সোৱাদভৰা মাছেৰে ভৰি থকা দীপৰবিলখন যেন লাহে লাহে হেৰাই যাবলৈ ধৰিছে। বন্ধ হৈ গৈছে মহানগৰীৰ পৰা পানী ওলাই গৈ জলাশয়খনত পৰা নলাবোৰো। যাৰ পৰিণতিতে পক্ষীতীৰ্থ সদৃশ পৰ্যটকৰ আকৰ্ষণৰো কেন্দ্ৰ  দীপৰবিল এতিয়া চহকী ক্ৰেতা আৰু মধ্যভোগী দালালৰ ৰম্যপুৰীত পৰিণত হৈছে। প্ৰকৃতিপ্ৰেমীৰ পৰা প্ৰকৃতি ধ্বংসকাৰী সকললৈকে দীপৰবিল কেন্দ্ৰিক সকলো খবৰ সাঙুৰি পলাশ জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন।

মহানগৰীৰ দীপৰ বিলক লৈ এচাম মানুহৰ সপোনৰ যেনেদৰে অন্ত নাই, তেনেদৰে প্ৰকৃতিপ্ৰেমীসকলৰ অন্ত নাই আশংকাৰ। বহুতৰ বাবে দীপৰ বিলৰ সংৰক্ষণেই হ'ল কৃত্ৰিম বান সমস্যাৰ সমাধানৰ লগতে পৰিৱেশ সংৰক্ষণৰ সবাতোকৈ নিৰ্ভৰযোগ্য জলাশয়। বিহু আহিলেই অথবা মাঘ ফাগুন মাহৰ দিন কেইটাত সময়ে সময়ে দীপৰ বিলৰ সোৱাদ ভৰা এচকল মাছ খাবলৈ, মাছ কিনিবলৈ মহানগৰীৰ উমাল বিলাসী শেতেলী এৰি বহুতেই শাৰী পাতেগৈ এই বিলৰ পাৰত। প্ৰশাসনে বিশেষ বিশেষ দিনত মুক্ত কৰি দিয়া মাছুৱৈ সকলে সেইকেইটা দিনতেই হাজাৰৰ অংকৰে ধন উপাৰ্জন কৰে। কিন্তু আন এচামৰ বাবে দীপৰ বিল এতিয়া প্ৰধান লক্ষ্য নিজৰ পুঞ্জীভূত ধন ব্যয়ৰে বিলাসী আৱাস নিৰ্মাণৰ। যাৰ বাবে পৰিভ্ৰমী চৰাই, লুপ্তপ্ৰায় হড়গিলা আদিৰ বাবে নিৰাপদ এই জলাশয় এতিয়া সপোনৰ মৰীচিকা সদৃশ।

চিনাকি দীপৰবিলৰ এই কদৰ্যময় ৰূপ দেখি ৰৈ গৈছে পৰিভ্ৰমী চৰাই। ফটোঃ হিমাংক বি ডেকা।
চিনাকি দীপৰবিলৰ এই কদৰ্যময় ৰূপ দেখি ৰৈ গৈছে পৰিভ্ৰমী চৰাই। ফটোঃ হিমাংক বি ডেকা।

দীপৰ বিল, প্ৰতিজন লোকৰ বাবে এখন চিনাকি ঠাই। প্ৰকৃতিৰ মাজত বিলীন হৈ অজস্ৰলোকে জিৰণি লৈ সময় কটায় দীপৰ বিলৰ পাৰত। পৰিভ্ৰমী চৰাইৰ বাসস্থান এই দীপৰ বিল। দেশ বিদেশৰ পৰ্যটকৰ বাবেও মহানগৰীৰ পাৰ্শ্বৱৰ্তী ঠাইখন চিনাকি। পিচে, জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট চিন্তাৰ জুয়ে দহিছে দীপৰ বিলকো। পৰিৱেশৰ প্ৰতি সজাগতা আৰু পৰিৱেশ ৰক্ষাৰ বাবে থকা সমাজৰ এচাম লোকৰ অনিহাৰ বাবে ধ্বংসৰ মুখলৈ গতি কৰিছে একালৰ অসমৰ গৌৰৱ তথা পৰ্যটন ক্ষেত্ৰৰ অন্যতম ঠাইখন।

পৰিৱেশ পৰিস্কাৰ কৰি ৰখাটো প্ৰতিজন লোকৰেই প্ৰাথমিক দায়িত্ব। নিজ দায়িত্ব পাহৰি সংকুচিত মনে পৰিৱেশৰ ধ্বংস মাতি অনা এচাম লোকৰ বাবেই কলুষিত হৈ আহিছে পৃথিৱীখন। বসবাসৰ বাবে অনুপযোগী হৈ আহিছে এইখন পৃথিৱী। পৰিৱেশৰ প্ৰতিটো উপাদানেই আমাৰ বাবে জৰুৰী। আমাৰ পৰিৱেশ গঠিত হৈছে জৈৱিক আৰু অজৈৱিক উপাদানেৰে। ৰ'দ, বৰষুণ, মাটি, পানী, পাহাৰ-পৰ্বত, নদ-নদী, জান-জুৰি, পুখুৰী-বিল, জলাশয়, চৰাই-চিৰিকটি, গছ-গছনি, কীট-পতংগ ইত্যাদি তেনে উপাদান। কিন্তু নিজৰ তৃষ্ণা নিবাৰণ কৰিবলৈ যাওঁতে ক্ষন্তেকৰ বাবে হ'লেও পৰিৱেশ সৃষ্ট এই উপাদানসমূহৰ কথা প্ৰতিজন লোকেই পাহৰে। যাৰ ফলত একালৰ বৃন্দাবন একালত ছন পৰাৰ দৰে দীপৰ বিল আজি এলাগী হৈ পৰিছে।

উফ, কি ধুনীয়া ! বাটৰ বাটৰুৱা ৰৈ গৈছিল দীপৰবিল দেখি…।ফটোঃ হিমাংক বি ডেকা।
উফ, কি ধুনীয়া ! বাটৰ বাটৰুৱা ৰৈ গৈছিল দীপৰবিল দেখি…।ফটোঃ হিমাংক বি ডেকা।

দীপৰ বিলৰ মুঠ মাটিকালি ৪০.১৪ বৰ্গ কিলোমিটাৰ। ইয়াৰ গভীৰতা ১ মিটাৰৰ পৰা ৪ মিটাৰ পৰ্যন্ত। সেয়া আছিল ১৯৮৯ চনৰ অসম চৰকাৰৰ এটা ঘোষণা। দীপৰ বিলৰ ১১৪ হেক্টৰৰ মাটিকালি পৰিভ্ৰমী চৰাইৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছিল। সময়ৰ ক্ৰম অনুসৰি চৰকাৰৰ সিদ্ধান্ত সলনি হ'ল। ২০০৪ চনত আন্তঃৰাষ্ট্ৰীয় পক্ষী অভয়াৰণ্যৰ মৰ্যাদা দিয়া হৈছিল দীপৰ বিলক। দীপৰ বিললৈ আহে ভিন্ন পৰিভ্ৰমী চৰাই।

চলিত বৰ্ষত তিনিটাকৈ হাড়গিলাই হেৰুৱাইছে প্ৰাণ। ২০১৮ বৰ্ষত ইয়াৰ পৰিমাণ আছিল ২০ টা। জৈৱ বৈচিত্ৰৰে ভৰপূৰ দীপৰ বিলত আছে বিভিন্ন প্ৰজাতিৰ মাছ, জলজ, অৰ্ধ-জলজ উদ্ভিদৰ লগতে চৰাই-চিৰিকটি ইত্যাদি। আন্তঃৰাষ্ট্ৰীয় পক্ষী অভয়াৰণ্যখনত দেখিবলৈ পোৱা যায় ২১৯ বিধ ভিন্ন প্ৰজাতিৰ চৰাই। ইয়াৰে ৭০ বিধ পৰিভ্ৰমী চৰাই। প্ৰকাশিত এক তথ্য অনুসৰি দীপৰ বিলত শীতকালত দেখিবলৈ পোৱা যায় ১৮,৬০০টাৰো অধিক চৰাই।

মহানগৰীৰ অতিৰিক্ত পানী বহন কৰে দীপৰ বিলে। সাগৰ পৃষ্ঠৰ পৰা ১৬৫ আৰু ১৮৫ ফুট উচ্চতাত আছে এই জলাশয়টো। জলাশয়টোৰ পাৰেদি গৈছে কামাখ্যা-যোগীঘোপা সংযোগী ৰে'লপথ। চৰাই চিৰিকটিৰ বিচৰণভূমি দীপৰ বিল এতিয়া একাংশ মধ্যভোগীৰ ধন ঘটাৰ সুলভ পথ। পৰিৱৰ্তনৰ শ্ল'গানেৰে ডিঙিৰ শিৰ ফুলাই জনসাধাৰণৰ ভোট ভীক্ষা কৰি চৰকাৰ গঠন কৰা বিজেপিয়ে পাহৰিলে নিজৰ প্ৰতিশ্ৰুতি। পৰ্যটন ক্ষেত্ৰত ব্যয়ৰ নামত কোটি কোটি টকাৰ শৰাধ পতা চৰকাৰখনে ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাক মাতি প্ৰদান কৰিলে কোটি কোটি টকা। কিন্তু পৰ্যটনক্ষেত্ৰৰ একো উন্নতিয়ে নহ'ল। বৰঞ্চ নিশা হ'লেই একাংশ লোকে অবৈধ বেদখল কৰি অট্টালিকা নিৰ্মাণৰ বাবে ডাম্পাৰ লৈ পোতে বিলখন।

বহুতৰ জীৱিকাস্থলী এই দীপৰবিল। ফটোঃ হিমাংক বি ডেকা।
বহুতৰ জীৱিকাস্থলী এই দীপৰবিল। ফটোঃ হিমাংক বি ডেকা।

পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন কৰাৰ বিপৰীতে আনক দেখুৱাই বিজ্ঞাপন নিৰ্মাণত ব্যস্ত চৰকাৰখনে দীপৰ বিল সংৰক্ষণৰ বাবে কোনো কামেই নকৰিলে। বৰাগাঁৱত থকা গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডটো তাৰেই উদাহৰণ। দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত গঢ় লৈ উঠা বিভিন্ন কল কাৰখানাসমূহো একেই উদাহৰণ।

নতুন বছৰ আহিলেই দীপৰবিলৰ পাৰত বনভোজপ্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা যায়। বনভোজৰ বাবে অহা দলবোৰে ডাম্পিং গ্ৰাউণ্ডৰ জাৱৰৰ সমান্তৰালকৈ অন্য কিছু জাৱৰ পেলাই বিলত। যাৰবাবে পানী প্ৰদূষিত হৈ চৰাই অহাত অসুবিধাৰ সৃষ্টি হয়। কোনো লোকৰ মন গলেই নাৱৰে মাছ মাৰে দীপৰবিলত। বনভোজৰ সময়ত একাংশ লোকে ধনৰ বিনিময়ত বনভোজৰ উপযোগীকৈ তম্বু তৰি দিয়ে। যাক লৈ নিমাত প্ৰশাসন।

দীপৰবিলৰ সৌন্দৰ্যই হাত বাউলি মাতে সকলোকে।
দীপৰবিলৰ সৌন্দৰ্যই হাত বাউলি মাতে সকলোকে।

প্ৰাপ্ত খবৰ অনুসৰি, দীপৰবিলৰ ১৪.১ শতাংশ ভূমি বেদখলকাৰীৰ কবলত। প্ৰদূষণ সৃষ্টি কৰি বিলৰ সমীপত গঢ়ি উঠিছে শিল ভঙা উদ্যোগ, চিমেন্ট নিৰ্মাণ কাৰাখানাকে আদি কৰি অন্যান্য বহু উদ্যোগ। দীপৰবিল সংৰক্ষণৰ নামত ২০০৮ চনত ভাৰত চৰকাৰৰ পৰিকল্পনা আয়োগৰ এটা অধ্যয়নকাৰী দলে দীপৰ বিল সংকোচিত হোৱাৰ তথ্যৰে প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু ২০১১-১২চনত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই কেইবা কোটি টকা নিৰ্ধাৰণ কৰি প্ৰকল্প প্ৰস্তুত কৰিছিল যদিও, বৰ্তমানলৈ কাৰ্যকৰী নহ'ল একো কাম।

২০১৭চনতো গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত অনুমোদন দিয়া হৈছিল ২৫০ কোটি টকা। কিন্তু সেয়াও ফুটোকাৰ ফেন হ'ল। ফাইলতে সীমাৱদ্ধ হ'ল কোটি টকীয়া অভিলাষী আঁচনি। জলাশয়টোৰ দক্ষিণে আছে চৰ্কদৌ পাহাৰ, উত্তৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অভিযান্তিক মহাবিদ্যালয়। নয়ন জুৰুৱা জলাশয়টোৰ পানীয়ে সকলোৰে দৃষ্টি হৰণ কৰে। মহানগৰীৰ বিভিন্ন নদ-নদীৰ পানীৰ অন্তিম আশ্ৰয়স্থল এই দীপৰবিল। বিলখনৰ পানী উত্তৰপাৰে থকা ব্ৰহ্মপুত্ৰত পৰেগৈ খনাজান নদীৰ দ্বাৰা।

হায়! এতিয়া ডাম্পিংস্থলী এই দীপৰবিল।
হায়! এতিয়া ডাম্পিংস্থলী এই দীপৰবিল।

১৯৯১চনৰ পৰা প্ৰায় ২০১৫চনলৈকে দীপৰবিলৰ পাৰৰ ৰেলৰ খুন্দাত মৃত্যু হৈছে ১৩টাকৈ হাতীৰ। বৰ্তমান সেই ৰে'লপথ উন্নত কৰি দুটা ট্ৰেকলৈ বৃদ্ধি কৰাৰ বাবে কাম কৰি থকা হৈছে।  যাৰবাবে হাতী তথা অন্যান্য জীৱ-জন্তুৰ মৃত্যুৰ সংখ্যা যে বৃদ্ধি পাব সেই কথা নুই কৰিব নোৱাৰি। দীপৰবিলৰ ওপৰেৰে গৈছে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ। যাৰ বাবে সেই তাঁৰে যে দীপৰবিলৰ মাছ তথা পশু-পক্ষীলৈ অশনি সংকেট কঢ়িয়াই অনাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

আৱৰ্জনাস্থলী! বিৰল হাড়গিলায়ো প্ৰাণ হেৰুৱাইছে দীপৰবিলত। ফটোঃ হিমাংক বি ডেকা।
আৱৰ্জনাস্থলী! বিৰল হাড়গিলায়ো প্ৰাণ হেৰুৱাইছে দীপৰবিলত। ফটোঃ হিমাংক বি ডেকা।

ডাম্পিং গ্ৰাউণ্ডৰ জাৱৰসমূহ নিষ্কাষণৰ বাবে জি এম চিয়ে ধনৰ শৰাধ পাতি যিমানে অভিলাষী আঁচনি আৰম্ভ নকৰক কিয়, বৈঞ্জানিক প্ৰদ্ধতিৰে নিষ্কাষণ কৰা নহয় এই জাৱৰবোৰ। প্ৰায় ১২০০টা পৰিয়ালৰ পৰোক্ষ তথা প্ৰত্যক্ষ উপাৰ্জনৰ আহিলা এই বিলখনৰ পাৰত থকা ডাম্পিং গ্ৰাউণ্ডটোৰ জাৱৰখিনি নিশা হ'লেই জ্বলাই দিয়ে কৰ্তৃপক্ষই। যাৰ ফলত লেতেৰা জাৱৰ, গেলা-পচা সামগ্ৰী জ্বলোৱাৰ পাছত ওলোৱা ক'লা ধোঁৱাই প্ৰদূষিত কৰে পৰিৱেশ। যি ধোঁৱা তথা জুইৰ বাবে সেই অঞ্চললৈ কোনো লোক যোৱাতো বাদেই, কেবাটাও হাড়গিলাই হেৰুৱাবলগীয়া হৈছে প্ৰাণ।

সম্ভ্ৰান্ত পৰিয়ালৰ দৃষ্টান্ত বহন কৰা একাংশ অসাধু আমোলাই দখল কৰিছে প্ৰকৃতিৰ ৰম্যভূমি খ্যাত দীপৰবিলৰ মাটি। বহু সময়ত এই মাটি উচ্ছেদ কৰিবলৈ দাবী উত্থাপন হৈছে যদিও, চৰকাৰৰ কোনো বৰমূৰীয়াৰ নাই সেই সাহ। দীপৰবিলৰ সৈতে আছে ১৪খনকৈ সৰু-বৰ বিল। ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰ জুৰি আছে দীপৰবিল। হাড়গিলা সমূহক চোৱাচিতা কৰা হাড়গিলা আৰ্মী খ্যাত মহিলাসকলে হাড়গিলা সংৰক্ষণৰ বাবে কাৰ্যপন্থা হাতত লৈ আহিছে। দীপৰবিলৰ উত্তৰ আৰু দক্ষিণ দুয়োটা পাৰতেই আছ হাড়গিলাৰ বসতিৰ স্থান। উত্তৰ পাৰৰ হাড়গিলা সংৰক্ষকসকলক আৰ্থিকভাৱে সহায় কৰে গ্ৰীণ অস্কাৰ প্ৰাপ্ত পূৰ্ণিমা দেৱী বৰ্মনে।

দক্ষিণ কামৰূপ, উত্তৰ কামৰূপক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে হাড়গিলাৰ বসতিস্থল। এই হাড়গিলাসমূহ চোৱাচিতা কৰা কামত নিয়োজিত হৈ শ শ মহিলাই মুকলাইছে দুবেলা দুমুঠি। মহিলাসকলে হাড়গিলা চোৱাচিতা তথা হাড়গিলা থকাৰ বাবে প্ৰয়োজনীয় শ শ বছৰ পুৰণি গছ-গছনি কটাৰ পৰা বিৰত থকা দেখিবলৈ পোৱা যায়। হাড়গিলা সংৰক্ষণৰ বাবে ব্যস্ত থকা এইসকল মহিলা এতিয়া মহানগৰীত আধিপত্য চলোৱা উচ্চ শিক্ষিত আমোলা বিষয়া, অধ্যাপকৰ বাবে মহাশত্ৰু। কিয়নো এইসকল উচ্চশিক্ষিত তথাকথিত লোকক লাগে দীপৰবিলৰ পাৰৰ মাটি। এইসকল লোকে বিচাৰে দীপৰবিলৰ পাৰত তেওঁলোকৰ সপোনৰ বিলাসী ঘৰৰ ভেটি নিৰ্মাণ।

গুৱাহাটী মহানগৰত যিমান লেতেৰা তথা দুৰ্গোন্ধময় বস্তু থাকে, সেই সকলোবোৰ দীপৰবিলতে পৰা দেখিবলৈ পোৱা যায়। বৃহস্পতিবাৰে অসম বিধানসভাত উত্থাপিত হৈছিল এই বিষয়। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চৰকাৰক দীপৰবিল অতি শীঘ্ৰে পৰিষ্কাৰ কৰিবৰ বাবে দাবী উত্থাপন কৰি কৈছিল- চৰকাৰে পদক্ষেপ নল'লে তেওঁ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। বিধায়কজনৰ উত্তৰত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে মানি লৈছিল দীপৰবিল লেতেৰা হোৱাৰ কথা। মন্ত্ৰীজনে ইয়াকো কৈছিল যে- এঘণ্টা সময় যদি কোনোলোক দীপৰ বিলৰ পানীৰ কাষত থাকে, তেন্তে মৰি যাব।

বিলখনৰ গুৰুত্ব ক্ষন্তেকৰ বাবে আজৰি সময় কটাবলৈ যোৱা অথবা বনভোজৰ বাবে যোৱা লোকসকলে নুবুজে। এই কথা বুজে দাতিকাষৰীয়া ৰাইজ তথা স্থানীয় জনজাতি লোকসকলে। দীপৰ বিলৰ পাৰত চলে অবৈধ খনন, সন্দেহযুক্ত নাগৰিকৰ চলাচল, চোৰাংচিকাৰীৰ অবাধ প্ৰচলন।

সময়ৰ লগে লগে দীপৰ বিলৰ পাৰত দেখিবলৈ পোৱা গৈছে হাতী মানুহৰ সংঘাত। বিলৰ পাৰৰ ৰে'ল পথে সৃষ্টি কৰা শব্দ প্ৰদূষণৰ বাবে পৰিভ্ৰমী চৰাই-চিৰিকটি নহা হৈছে। এখন ৰে'ল পাৰ হৈ যোৱাৰ সময়ত বিলৰ পাৰত চৰাই-চিৰিকটি তথা জীৱ-জন্তুৰ মাজত সৃষ্টি হয় হুৱাদুৱা পৰিৱেশৰ। তাৰোপৰি, দীপৰবিলৰ মাটি দখল কৰি বৃহৎ বৃহৎ অট্টালিকা সাজিছে একাংশ লোকে। যাৰ বাবে সেই সকল ধনৱন্ত লোকৰ খাম খেয়ালিতে দখল হৈছে বিলখনৰ মাটি।

এয়াই আছিল দীপৰবিল। পক্ষীকূলে আহি জীয়াইছিল। ফটোঃ হিমাংক বি ডেকা।
এয়াই আছিল দীপৰবিল। পক্ষীকূলে আহি জীয়াইছিল। ফটোঃ হিমাংক বি ডেকা।

দীপৰ বিল ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে বহু লোক। সকলো লোকে পদক্ষেপ লৈছে জলাশয়টো ৰক্ষাৰ বাবে। কিন্তু এচাম অসাধু মানুহৰ বাবে ধ্বংস হৈছে এই জলাশয়। প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে আগভাগ লৈছে। অনুষ্ঠিত কৰা হৈছে দীপৰ বিল মহোৎসৱ।

বিগত সময়ত মূকাভিনয় শিল্পী মিনাংক ডেকাৰ নেতৃত্বত বনভোজ-সৃষ্ট আৱৰ্জনাজনিত পৰিৱেশৰ পৰা হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এক পৰিবেশ সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে কেইজনমান সচেতন ছাত্ৰ-ছাত্ৰীয়ে। বিলৰ পাৰত 'নিৰ্বাক যাত্ৰা' নামেৰে এক অভিযানৰ জৰিয়তে "চৰাইজাক নহা হ'ল" শীৰ্ষক এক মূকাভিনয় নাট প্ৰদৰ্শন কৰিছিল তেওঁলোকে। এইয়া হৈছে নিদিষ্ট সময়ত বহু লোকে লোৱা কিছু পদক্ষেপ।

পৰ্যটনৰ মানচিত্ৰত দীপৰ বিলে সুকীয়া মাত্ৰা বহন কৰাটো সকলোৱে বিচাৰে। বিলখনৰ স্বাৰ্থত সকলো লোক এক হৈ আগবাঢ়ি আহিলে তথা চৰকাৰে পদক্ষেপ ল'লে সকলো সম্ভৱ হৈ উঠিব। অন্যথা সময়ে ক্ষমা নকৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in