শেহতীয়া খবৰ
যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...  •  মোৰ বিশ্বাস, কুলভূষণ যাদৱে ন্যায় লাভ কৰিবঃ প্ৰধানমন্ত্ৰী মোডী  •  অবৈধ নাগৰিক বাহিৰ হ’ব লাগিব দেশৰ পৰাঃ ৰাজ্যসভাত অমিত শ্বাহৰ ঘোষণা

আহি আছে ‘ছপাক’, এচিড আক্ৰমণৰ বলি হোৱা যুৱতীৰ চৰিত্ৰত দীপিকা পাডুকন…

369

ডিজিটেল ডেস্কঃ বলিউদৰ আগশাৰীৰ অভিনেত্ৰী দীপিকা পাডুকনে ৰণবীৰ সিঙৰ লগত বিবাহপাশত আৱদ্ধ হোৱা পাছৰ প্ৰথমখন ছবিৰ কাম হাতত লৈছে। দীপিকা পাডুকনে মেঘনা গুলজাৰ হিন্দী ছবি ‘ছপাক’ত মুখ্য চৰিত্ৰত অভিনয় কৰিব। ছবিখনৰ প্ৰথমখন পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে।

এচিড আক্ৰমণত পাছত এগৰাকী যুৱতীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিব লগা এই ছবিখনত দীপিক পাডুকনে অভিনয় কৰিব। দীপিক পাডুকনে প্ৰথমবাৰৰ বাবে পৰিচালক মেঘনা গুলজাৰৰ সৈতে কাম কৰিব। দীপিকাই ছবিখনত মালতী নামৰ চৰিত্ৰত অভিনয় কৰিব। ‘ছপাক’ ছবিখন এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব।

ইফালে, দীপিকা পাডুকনে টুইটাৰত ‘ছপাক’ ছবিখনৰ প্ৰথমখন পোষ্টাৰ আপলোড কৰিছে। য’ত দীপিকাই লিখিছে- ‘এই চৰিত্ৰটো সদায় মোৰ জীৱনৰ সৈতে জড়িত থাকিব। আজি ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে। ছবিখন ১০ জানুৱাৰী, ২০২০ত মুক্তি পাব।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি