গ্ৰন্থমেলাৰ বাকৰিত দেৱজিৎ হাজৰিকাৰ গ্ৰন্থ “সম্পূৰ্ণ সাধাৰণ জ্ঞান পুথি”ৰ উন্মোচন…

গ্ৰন্থমেলাৰ বাকৰিত দেৱজিৎ হাজৰিকাৰ গ্ৰন্থ “সম্পূৰ্ণ সাধাৰণ জ্ঞান পুথি”ৰ উন্মোচন…

ডিজিটেল ডেস্কঃ শনিবাৰে গুৱাহাটী গ্ৰন্থমেলাত উন্মোচন হয় দেৱজিৎ হাজৰিকাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসমীয়া ভাষাত লিখা গ্ৰন্থ সম্পূৰ্ণ সাধাৰণ জ্ঞানৰ পুথি।গ্ৰন্থখনি উন্মোচন কৰে অসমীয়া মহিলা আলোচনী নন্দিনীৰ সম্পাদক মাইনী মহন্ত আৰু চিত্ৰশিল্পী প্ৰদীপ নাথে।

লেখকে কয় যে প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জানিব লগা সাম্ভাব্। প্ৰায় সকলোখিনি সাধাৰণ জ্ঞানৰ বিষয় সামৰি লোৱা হৈছে কিতাপখনত। তেওঁ লগতে কিতাপখনে পাঠক আৰু ছাত্ৰ সমাজৰ সঁহাৰি পাব বুলি আশা কৰাৰ কথাও উল্লেখ কৰে। গ্ৰন্থখনি প্ৰকাশ কৰিছে সৰস্বতী ডি এন প্ৰকাশনে।

উল্লেখ্য যে লেখক দেৱজিৎ হাজৰিকাই সময়ে সময়ে গল্প, কবিতা, প্ৰৱন্ধ লিখি আহিছে। তেওঁ প্ৰায় আঢ়ৈ বছৰ ধৰি নন্দিনী আলোচনীখনৰ কুইজ শিতানটিও পৰিচালনা কৰিছিল। গ্ৰন্থখনিৰ মূল্য ১৫০ টকা। লেখক হাজৰিকা বৃত্তিত এগৰাকী শিক্ষক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in