অৱশেষত আদালতত আত্মসমৰ্পণ ৰজনী খাৰঘৰীয়াৰ বোৱাৰী গীতাশ্ৰীৰ

অৱশেষত আদালতত আত্মসমৰ্পণ ৰজনী খাৰঘৰীয়াৰ বোৱাৰী গীতাশ্ৰীৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ ৭৫ দিন ধৰি পলাতক হৈ থকা শিৱসাগৰৰ খাৰঘৰীয়া দম্পতীৰ বোৱাৰী গীতাশ্ৰী খাৰঘৰীয়াই বৃহস্পতিবাৰে আদালতত আত্মসমৰ্পণ কৰে। শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাদীশৰ আদালতত আত্মসৰ্মপণ কৰে গীতাশ্ৰীয়ে।

পত্নীৰ গ্ৰেপ্তাৰৰ কিছুদিনৰ পূৰ্বে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পিতৃ-মাতৃক তিলতিলকৈ মৃত্যু মুখলৈ ঠেলি দিয়া কুলাংগাৰ পুত্ৰ দেৱশিস খাৰঘৰীয়া।

উল্লেখ্য যে, শিৱসাগৰৰ ৰজনী খাৰঘৰীয়াই পুত্ৰ-বোৱাৰীৰ কুকাণ্ডৰ বিষয়ে এখন পত্ৰৰ জৰিয়তে ৰাজহুৱা কৰিছিল। তাৰ পিছতে আত্মহত্যা কৰিছিল ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নীয়ে।

পিতৃ-মাতৃৰ মৃত্যুৰ সৈতে দেৱাশিসৰ কোনো সৰ্ম্পক নাই বুলি ডাঙৰ ভগ্নীয়ে মতপ্ৰকাশ কৰিছিল যদিও ওচৰ-চুবুৰীয়া আৰু দেৱাশীষৰ আন এগৰাকী ভগ্নীৰ অভিযোগ যে পুত্ৰই কৰা উপেক্ষাৰ বাবেই মৃত্যুৰ পথ বাছি ললে খাৰঘৰীয়া দম্পতীয়ে। বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

ইফালে, আত্মসমৰ্পণৰ পিছতে আদালতত হাজিৰ কৰোৱা হয় গীতাশ্ৰীক। আৰক্ষীয়ে ৭ দিনৰ বাবে গীতাশ্ৰীক নিজৰ জিম্মাত বিচাৰে যদিও দুদিনৰ বাবে জিম্মাত ৰখাৰ অনুমতি প্ৰদান কৰে আদালতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in