বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য : হত্যাৰ সন্দেহ…

বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য : হত্যাৰ সন্দেহ…

ডিজিটেল সংবাদ চৰাইদেউঃ জীৱিকাৰ সন্ধানত ওলাই যোৱা এজন অসমীয়া যুৱকৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যুৰ খবৰে আকৌ এবাৰ নিৰাপত্তাহীনতাৰ বিষয়টোৱে জোকাৰি গৈছে সকলোকে । চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত টেঙাপুখুৰী লাহন গাঁৱৰ প্ৰদীপ দিহিঙীয়া (৪৮) নামৰ যুৱকজন কৰ্মসংস্থাপন বিচাৰি অন্ধপ্ৰদেশলৈ বুলি ৰে'লযোগে যাত্ৰা কৰিছিল ।

কিন্তু গন্তব্যস্থান পোৱাৰ আগতে বৃহস্পতিবাৰে যুৱকজনৰ ৰহস্য জনক মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে ওচৰ-চুবুৰীয়াকো হতভম্ব কৰি তুলিছে । মনকৰিবলগীয়া যে পূৰ্বেও কৰ্মসূত্ৰে বৰ্হিঃৰাজ্যলৈ যোৱা প্ৰদীপে দ্বিতীয় বাৰ অন্ধপ্ৰদেশলৈ বুলি যোৱাৰ পথত কি পৰিস্থিতিত মৃত্যুক সাবটি ল'বলগীয়া হ'ল; সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত যদিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা প্ৰদীপৰ মৃতদেহৰ ফটো চাই সেয়া এক হত্যাকাণ্ড বুলিহে পৰিয়ালৰ লগতে স্থানীয় লোকে মত প্ৰকাশ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in