কোভিড ভেকচিন লোৱা চিকিৎসালয় কৰ্মচাৰীৰ মৃত্যু…

কোভিড ভেকচিন লোৱা চিকিৎসালয় কৰ্মচাৰীৰ মৃত্যু…

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ কোৰোনা ভাইৰাছৰ ভেকচিন লোৱা এজন ৪৬ বছৰীয়া ব্যক্তিৰ মৃত্যুৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰাজ্য খনৰ এখন চৰকাৰী হস্পিতালত কৰ্মৰত আছিল ব্যক্তিগৰাকী । সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি শনিবাৰৰ দুপৰীয়া তেওঁ কোৰোনা ভাইৰাছৰ ভেকচিন লৈছিল ।

উল্লেখযোগ্য যে এখন চৰকাৰী চিকিৎসালয়ত ৱাৰ্ড বয় ৰূপে কৰ্মৰত মহিপাল সিং নামৰ পৰিয়ালৰ লোক জনে সদৰি কৰা মতে দেওৱাৰৰ দিনা তেওঁ শ্বাস প্ৰশ্বাস বন্ধ হৈ মৃত্যু মুখত পৰে । মৃত্যুৰ পূৰ্বে লোক জনে বুকুৰ বিষও অনুভৱ কৰিছিল ।

ইফালে মৰোদাবাদৰ মহিপাল কৰ্মৰত চিকিৎসালয় খনৰ মুখ্য চিকিৎসক গৰাকীয়ে জানিব দিয়া মতে তেওঁৰ মৃত্যু কোভিড ভেকচিন লোৱাৰ বাবে হোৱা নাই । হৃদৰোগত আক্ৰান্ত হৈ লোক জনৰ মৃত্যু হোৱা বুলি মৰোনত্তৰ পৰীক্ষাত জানিব পৰা গৈছে বুলি তেওঁ জানিব দিয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in