তিনিচুকীয়াৰ পথৰ কাষৰ নলাত মৃতদেহ উদ্ধাৰ…

তিনিচুকীয়াৰ পথৰ কাষৰ নলাত মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত চান্দমাৰি পথৰ কাষৰ নলাত সোমবাৰেএটা মৃতদেহ উদ্ধাৰ হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

মৃতদেহটো হিজুগুৰিৰ নিয়াজ আলী বুলি চিনাক্ত কৰা হৈছে । লোকজনে কালি নিশা প্ৰায় ৯ বজাত ঘৰৰ পৰা বাইচাইকেল লৈ উলাই অহা বুলি জনা যায় ৷ পৰিয়ালে এয়া এক হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ ব্যক্ত কৰি আৰক্ষীক এই বিষয়ত উচিত তদন্তৰ দাবী জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in