প্ৰতীকি ফটো
প্ৰতীকি ফটো

দৰঙত অপৰাধীক উৎখাত কৰিবলৈ কবৰৰ পৰা উঠি আহিল যুৱতী, সৰ্বত্ৰে চাঞ্চল্য

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ কবৰৰ পৰা উঠি আহিছে এগৰাকী নাৰী। লগত এটি সন্তান আৰু এক ৰহস্যঘন কাহিনী। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দৰং জিলাত।

৫ বছৰ পূৰ্বে কবৰ দিয়া হৈছিল এইগৰাকী যুৱতীক। তেতিয়া তেওঁ আছিল অকলশৰীয়া। ২০১৩ চনৰ কোনো এটা দিন। সেই দিনটোতে এক সিদ্ধান্ত লৈছিল দৰঙৰ আন্ধেৰীঘাটৰ পাৰীয়াপাৰা গাঁওবাসীয়ে। কেবা বছৰ ধৰি সন্ধানহীন হৈ থকা যুৱতীগৰাকীক সেই দিনটোত মৃত ঘোষণা কৰি ইছলাম ধৰ্মীয় নীতি অনুসাৰে কবৰ দিয়াৰ ব্যৱস্থা কৰিছিল।

এই অনুযায়ী কলগছৰ টুকুৰাক প্ৰতীক হিচাপে লৈ গাঁওবাসীয়ে কবৰ দি আদ্যশ্ৰাদ্ধ সম্পন্ন কৰে সন্ধানহীন যুৱতীগৰাকীৰ। সেই তেতিয়াৰে পৰা যুৱতীগৰাকী গাঁওবাসীৰ মাজৰ পৰা চিৰদিনলৈ হেৰাই গৈছিল।

কিন্তু হঠাৎ বৃহস্পতিবাৰে সোশৰীৰে গাঁওখনত উপস্থিত হয় সেই বিশেষ যুৱতীগৰাকী। সুদীৰ্ঘ ৯ বছৰৰ অন্তত যুৱতীগৰাকীক দেখি হতভম্ব হৈ পৰে গাঁওবাসী।

এই পৃথিৱীত নাই বুলি যিগৰাকী যুৱতীক ৫ বছৰ পূৰ্বে কবৰ দি থৈ আহিছিল সেইগৰাকী যুৱতী কি সঞ্জীৱনী শক্তিৰে প্ৰাণৱন্ত হৈ জন্মস্থানলৈ ঘূৰি আহিল সেয়া জানিবলৈ উদগ্ৰীৱ হৈ পৰিল গাঁওবাসী। কিছু সময় জিৰাই-শতাই লোৱাৰ পিছতে যুৱতীগৰাকীয়ে আৰম্ভ কৰিলে সেই ৰহস্যঘন কাহিনী।

সেয়া ২০০৯ চনৰ কথা। প্ৰেমৰ অভিনয়ৰে এদিন যুৱতীগৰাকীক ফুচুলাই গুৱাহাটীলৈ লৈ গৈছিল ওচৰৰে বৰমপুৰ গাঁৱৰ আতিকুৰ ৰহমান নামৰ এজন চিনাকি যুৱকে। গুৱাহাটীলৈ লৈ গৈ নতুন সংসাৰৰ পাতনি মেলাৰ সপোন দেখুৱাইছিল আতিকুৰে। পিছে নতুন সংসাৰৰ পৰিৱৰ্তে যুৱতীগৰাকীক ৰেলেৰে জোৰকৈ লৈ যায় হাৰিয়ানালৈ।

যাবলৈ অমান্তি হোৱাত লম্পট আতিকুৰে খাদ্যৰ লগত নিচাযুক্ত দ্ৰব্য মিহলি কৰি খুৱাই দিয়ে। তাৰ পিছত যেতিয়া চেতনা ঘূৰাই পাই তেতিয়া যুৱতীগৰাকীয়ে নিজকে আৱিষ্কাৰ কৰে এখন অচিনাকি ঠাইত, যি ঠাইৰ পৰা জন্মগাঁৱলৈ ঘূৰি অহাতো তেওঁৰ পক্ষে আছিল অসম্ভৱ।

হাৰিয়ানাৰ সেই অচিন ঠাইত ৩ জনীয়া যুৱকৰ দল এটাৰ হাতত তাইক এৰি ৫০ হাজাৰ টকা লৈ ঘূৰি আহিছিল আতিকুৰ। সেই দিন ধৰি আতিকুৰৰ কোনো শুংসূত্ৰ পোৱা নাছিল যুৱতীগৰাকীয়ে।

নতুন ঠাইখনত প্ৰতিটো দিনেই তাইৰ বাবে হৈ পৰিছিল নৰক সদৃশ। নিশা যিমানে গভীৰ হৈ আহে সিমানেই তাইৰ শৰীৰত নিৰ্যাতন বাঢ়িছিল হিংস্ৰ শ্বাপদৰ দলৰ। এনে এক নৰকময় পৰিৱেশৰ পৰা বহবাৰ পলাবলৈ চেষ্টা চলাইছিল যদিও বাৰে বাৰে বিফল হৈছিল তাই। তাইৰ ওপৰত জাপি দিয়া হৈছিল ৩টাকৈ অবৈধ সন্তানৰ মাতৃত্ব।

অৱশেষত কিছুদিনপূৰ্বে সেই নৰকময় পৰিৱেশৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয় যুৱতীগৰাকী। বাকী কেইটা সন্তান ক'ত আছে সেয়া খবৰ নাপালেও কোলাত থকা কেচুৱাটোক এৰি থৈ আহিবলৈ সত নোযোৱাত লগতে লৈ আহে।

একে গাঁৱৰে আতিকুৰৰ এই কু-কৰ্মৰ কথা জানিব পাৰি শিহৰিত হৈ পৰে গাঁওবাসী। লগে লগে দুৰ্ভগীয়া যুৱতীগৰাকীৰ পৰিয়ালে লম্পট আতিকুৰৰ বিৰুদ্ধে মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰে। উল্লেখ্য যে ২০০৯ চনত সন্ধানহীন হওঁতেই যুৱতীগৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছিল যদিও সেই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে।

ইমানদিনে ব্যৱস্থা গ্ৰহণ নকৰিলেও এইবাৰ যাতে আৰক্ষীয়ে হাৰিয়ানাৰ সৈতে সম্পৰ্ক থকা অসমৰ নাৰী সৰবৰাহকাৰী চক্ৰটোক সম্পূ্ৰ্ণৰূপে উখাত কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে যুৱতীগৰাকীৰ পৰিয়ালটোৰ লগতে সমগ্ৰ দৰংবাসীয়ে। উল্লেখ্য যে বিগত সময়ছোৱাতো ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা এনেদৰে সন্ধানহীন হৈ আহিছে কেবাগৰাকী কিশোৰী আৰু যুৱতী।

ইফালে সুদীৰ্ঘ দিনৰ অন্তত যুৱতীগৰাকী ঘূৰি অহাত পৰিয়ালটোত আনন্দময় পৰিৱেশে বিৰাজ কৰিছে যদিও এন আৰ চিক লৈ উদ্বিগ্ন হৈ পৰিছে। কিয়নো যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি ধৰি লৈ এন আৰ চিৰ আবেদন পত্ৰত নামেই উল্লেখ কৰা নাছিল পিতৃ-মাতৃয়ে। এনে পৰিপ্ৰেক্ষিতত এতিয়া যুৱতীগৰাকীৰ নামটো এন আৰ চিত নকৈ অন্তৰ্ভূক্ত কৰিব পৰা যাব নে নাই তাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in