মৰাণত অচিনাক্ত মৃতদেহ উদ্ধাৰ, হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ

মৰাণত অচিনাক্ত মৃতদেহ উদ্ধাৰ, হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ

ডিজিটেল সংবাদ, মৰাণঃ চৰাইদেউ জিলাৰ মৰাণৰ ৰাইদাং আমগুৰিত দেওবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

জানিব পৰা মতে, আমগুৰিৰ ৰে'ল আলিৰ সমীপত স্থানী্য় ৰাইজে এটি অৰ্ধ উলংগ মৃতদেহ প্ৰত্যক্ষ কৰি মৰাণহাট আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰায় ৪০ বছৰীয়া এজন ব্যক্তিৰ মৃতদেহটো উদ্ধাৰ কৰে।

আনহাতে, এটা ক'লা টি-চাৰ্ট পৰিহিত অচিনাক্ত ব্যক্তিজনক কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in