লামডিং-লংকা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

লামডিং-লংকা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চাৰি লেনযুক্ত লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পৰি থকা অৱস্থাত উদ্ধাৰ হয় পুৰুষৰ মৃতদেহটো।

স্থানীয় লোকে পথৰ ওপৰত মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষীক খবৰ দিয়াত লামডিং আৰক্ষী তথা বন বিভাগ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত ব্যক্তিজনৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন প্ৰতক্ষ্য কৰি লোকজন হাতীৰ আক্ৰমণত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in