গোলাঘাটত চিকিৎসালয়ৰ বাথৰুমত ওলাল কয়দীৰ মৃতদেহ, পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যা

গোলাঘাটত চিকিৎসালয়ৰ বাথৰুমত ওলাল কয়দীৰ মৃতদেহ, পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যা

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ কাৰাগাৰত হত্যাৰ অভিযোগত যোৱা ১১ বছৰে কাৰাৱাস খাটি থকা এজন কয়দীৰ বুধবাৰে চিকিৎসালয়ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বাথৰুমত বুধবাৰে কয়দীজনৰ মৃতদেহ উদ্ধাৰ হয়৷

উল্লেখ্য যে, হত্যাৰ অভিযোগত ১১ বছৰ পূৰ্বে আদালতে যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছিল বিদ্যাসাগৰ ৰবিদাস নামৰ ব্যক্তিজনক৷ বিগত ১১ বছৰে তেওঁ গোলাঘাট জিলাৰ বগৰীজেং কাৰাগাৰত বন্দী জীৱন পাৰ কৰি আছিল৷ শনিবাৰে কয়দীজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ইয়াৰ পিছতে বুধবাৰে পুৱা তেওঁৰ মৃতদেহ চিকিৎসালয়খনৰ বাথৰুমৰ ভিতৰত উদ্ধাৰ কৰে চিকিৎসা কৰ্মীয়ে৷

ইফালে এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে কয়দীজনৰ পৰিয়ালৰ লোকে৷ পৰিয়ালৰ লোকে দাবী কৰা মতে, কয়দীজন কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা নাছিল৷ তেনে পৰিস্থিতিৰ বাথৰুমৰ ভিতৰত কয়দীজনৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in