বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ…

বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত আজি পুৱাতে এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত ৰাজাপাৰা গাঁৱৰ মুন্না শ্ৰেষ্ঠ (৪৮) নামৰ লোক গৰাকীৰ মৃতদেহ ঘৰৰ কাষৰে শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলৰ পানীত উপঙি থকা অৱস্থাত দেখিবলৈ পাই হুৱা-দুৱা লাগে।

পিছত স্হানীয় ৰাইজৰ খবৰৰ ভিত্তিত বকো আৰক্ষীয়ে লোকগৰাকীৰ মৃতদেহ পানীৰ পৰা তুলি আনি মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । জানিব পৰা মতে আজিৰ পৰা কেই বছৰমান আগতে মেঘালয় ৰাজ্যৰ তুৰাৰ পৰা আহি মুন্না শ্ৰেষ্ঠই ৰাজাপাৰাত জোঁৱাই থাকি সৰু-সুৰা ব্যৱসায় কৰিছিল । মুন্না শ্ৰেষ্ঠৰ মৃত্যু স্বাভাৱিক মৃত্যু নে আইন কিবা এতিয়ালৈকে সবিশেষ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in