উপায়ুক্ত, শিক্ষক নে খেতিয়কঃ চুবুৰীয়া গাৰো পাহাৰত এক ব্যতিক্ৰমী ছবি…

উপায়ুক্ত, শিক্ষক নে খেতিয়কঃ চুবুৰীয়া গাৰো পাহাৰত এক ব্যতিক্ৰমী ছবি…

ডিজিটেল ডেস্কঃ কোকৰাঝাৰত এখন বিলাসী হোটেলত আয়োজিত অনুষ্ঠানত জিলাখনৰ উপায়ুক্তৰ সাক্ষাততে আৰক্ষী অধীক্ষকগৰাকীয়ে সুৰাসক্ত কাৰ্যবাহী দণ্ডাধীশ এগৰাকীক চৰ, ঘোচা দিয়াৰ উপৰি চোলাত ধৰি চোঁচৰাই বাহিৰলৈ উলিয়াই নিওঁতে তেওঁৰ কাপোৰ-কানি ফাটি যোৱাকে ধৰি সমষ্ট দৃশ্য চিচি টিভিত বন্দী হৈছিল। ৯ আগষ্টৰ নিশা হোটেলখনত আয়োজিত এক বিশেষ সাংস্কৃতিক অনুষ্ঠানত সংঘটিত এই অশালীন ঘটনাৰ চিচি টিভি ফুটেজ পলমকৈ হ'লেও ভাইৰেল হৈ পৰাত ইয়াকে লৈ সমগ্ৰ ৰাজ্য প্ৰশাসনতে জোকাৰণিৰ সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰীয়ে নামনি অসমৰ আয়ুক্তৰ জৰিয়তে ঘটনাটোৰ সবিশেষ তদন্ত কৰাব লগা হোৱাৰ উপৰিও এচিএছ বিষয়া সন্থাৰ এক প্ৰতিবাদ সভা শনিবাৰে অনুষ্ঠিত হোৱাৰ উপৰিও সোমবাৰে ক'লা বেজ পৰিধানেৰে এনে দুস্কাৰ্যৰ প্ৰতিবাদ কৰাৰ কথা। লক্ষণীয় কথা এয়ে যে, দণ্ডাধীশগৰাকীক পিটন দিয়া আৰক্ষী অধীক্ষকগৰাকীও আছিল জ্যেষ্ঠ এ পি এছ আৰু উপায়ুক্তগৰাকীও এ চি এছ পৰ্যায়ৰে বিষয়া।

কোকৰাঝাৰত ৩ গৰাকী এ চি এছ-এপি এছ বিষয়াৰ এই কাণ্ডই জোকাৰণি তোলাৰ সময়তে বিটিএডিৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত কণিষ্ঠ আইএএছ বিষয়া এগৰাকী আচাৰ আচৰণ আৰু কৰ্মদক্ষতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ২০০৮ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ এইগৰাকী ব্যতিক্ৰমী উপায়ুক্তৰ নাম ৰাম সিং।

কাৰ্যালয়ত তেওঁ কঠোৰ প্ৰশাসক।

সামুদ্ৰিক বিজ্ঞানৰ স্নাতক আৰু সমাজনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৰাম সিঙৰ প্ৰকৃত ঘৰ হিমাচল প্ৰদেশত যদিও ২০১৭ চনৰ পৰা পশ্চিম গাৰো পাহাৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অসমত আগে পিছে এছকৰ্ট গাড়ী লৈ জিলা উপায়ুক্ত সকলে বিচৰণ কৰে যদিও উগ্ৰপন্থী অধ্যুষিত অঞ্চলৰূপে পৰিচিত গাৰো পাহাৰৰ এইগৰাকী উপায়ুক্ত আকৌ হাফপেন্ট, জোতা, চেণ্ডেল পিন্ধি পিঠিত বজাৰ কৰাৰ বাবে খৰাহী বান্ধি লৈ বজাৰত খোজকাঢ়ি অকলে ঘূৰি ফুৰে।

বজাৰত তেওঁ সাধাৰণ গ্ৰাহক। পিঠিত পাচঁলিৰ বোজা।

বজাৰ কৰিবলৈ তেওঁ আকৌ একেখন বজাৰলৈ সদায় নাযায়। বিশেষকৈ শাক পাচঁলিৰ বজাৰলৈ যাওঁতে তেওঁ শস্যৰ পথাৰত কাম কৰা খাছী, জয়ন্তীয়া বা গাৰো মহিলা সকলক খাদ্যৰ শৰ্কৰা, পৰিপুষ্টি আৰু স্থানীয়ভাৱে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক-পাচঁলিৰ গুৰুত্ব এখন শক্তিশালী সমাজৰ বাবে কিমান সেই সম্পৰ্কে বুজনি দিয়ে।

শুনিবলৈ আচৰিত যেন লাগিলেও তেওঁ দুপৰীয়াৰ আহাৰ সদায় আহাৰৰ সময়ত যিকোনো এটা অংগনবাদী কেন্দ্ৰ অথবা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়। ইয়াৰ উদ্দেশ্য হ'ল শিশুৰ মধ্যাহ্ন ভোজনৰ বাবে প্ৰস্তত কৰা আহাৰ নিজে খোৱাৰ লগতে তাৰ মান পৰীক্ষা কৰা। খোদ জিলা উপায়ুক্তগৰাকীয়ে সদায় দুপৰীয়াৰ আহাৰ সুকীয়া-সুকীয়া অংগনবাদী কেন্দ্ৰ বা বিদ্যালয়ত গ্ৰহণ কৰিবলৈ লোৱা এই ব্যৱস্থাই জিলাখনত মধ্যাহ্ন ভোজনৰ অভিযানটোকে এক নতুন মাত্ৰা প্ৰদান কৰিছে। উপায়ুক্তৰ কাৰ্যালয়ৰ কামকাজৰ ক্ষেত্ৰটো তেওঁ অতিকৈ পৰিপাতি। কোনো বিভাগৰ ফাইল তেওঁৰ টেবুলত প্ৰয়োজনহীন ভাৱে পৰি নাথাকে। কিন্তু কোনোবা এটা বিভাগৰ পৰা অহা ফাইলত যদি আসোঁৱাহ থাকে বা তেওঁৰ সন্দেহ হয় তেনেহলে নিজে তেওঁ পলম নকৰাকৈ চৰজমিন তদন্তৰ বাবে সংশ্লিষ্ট স্থানত উপস্থিত হৈ বিষয় সন্দৰ্ভত পতিয়ন যোৱাৰ পিছতে কাৰ্যালয়লৈ উভতি সেই ফাইলত অনুমোদন জনায়।

কিছুদিন পূৰ্বে তুৰাৰ এক উচ্চ শিক্ষানুষ্ঠানত বিভাগীয় মুৰব্বী এগৰাকীৰ নিৰ্দেশত বহুবোৰ গছ কাটি পেলাবলৈ লোৱা হৈছিল। স্থানীয় একাংশ লোকে ইয়াৰ প্ৰতিবাদ কৰে যদিও শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই তালৈ কেৰেপ কৰা নাছিল। বিষয়টো জানিব পৰা অসমৰ এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰী কণৰাড চাংমালৈ এক মেছেজ প্ৰেৰণ কৰি বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়েও সাংবাদিকগৰাকীক বিষয়টোৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল'ব বুলি প্ৰত্যুত্তৰ দিয়ে যদিও কাৰ্যত সেয়া বন্ধ হোৱা নাছিল। ফলত শিক্ষানুষ্ঠানখনৰ চৌহদৰ আধা সংখ্যক বৃহৎ বৃহৎ গছ কাটি বিক্ৰী কৰি দিয়া হৈছিল।

কৃষক-মহিলাক শাক-পাচঁলিৰ গুণাগুণ আৰু জৈৱিক কৃষিৰ বিষয়ে পাঠ দিয়া শিক্ষকৰ ৰূপত ৰাম সিং।

এনে অৱস্থাত গোৱালপাৰাৰে এগৰাকী পৰিৱেশকৰ্মীয়ে বিষয়টো পশ্চিম গাৰো পাহাৰৰ উপায়ুক্তগৰাকীক অৱগত কৰাত সেই দিনাই তেওঁ গৈ শিক্ষানুষ্ঠানখনত উপস্থিত হয় আৰু গছকটা নিষিদ্ধ কৰি দিয়ে। কোকৰাঝাৰত অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ দৰে এচাম উদণ্ড এচিএছ-এপিএছ অথবা আইপিএছ সমগ্ৰ দেশতে যিদৰে আছে তেনেদৰে সংখ্যাত তেনেই তাকৰ হলেও ৰাজেন সিঙৰ সম্পূৰ্ণ বিপৰীত আচৰণ আৰু দক্ষতা সম্পন্ন ৰাম সিঙৰ দৰে আইএএছ অথবা আইপিএছ বিষয়াও সমগ্ৰ দেশতে আছে।

পিছে মেঘালয়ত কৰ্মৰত মণিপুৰৰ ৰাম সিঙৰ দৰে সকলো দিশত সতৰ্ক আৰু সৰল জীৱন যাপনত অভ্যস্ত দক্ষ আৰু কঠোৰ প্ৰশাসক এপাচি শাকত এটা জালুকৰ দৰেই বিৰল। সেয়ে পশ্চিম গাৰো পাহাৰ জিলাৰ এইগৰাকী জিলা উপায়ুক্তক সমগ্ৰ মেঘালয়ৰ প্ৰশাসনীয় মুৰব্বীসকলেও সমীহ কৰি চলাৰ বিপৰীতে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজে অতিকে শ্ৰদ্ধা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in