দৌলাশালত বিৰিণা গোষ্ঠী অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন, বঁটা ঘোষণাঃ থানেশ্বৰ মালাকাৰ-নৰেশ কলিতালৈ ক্ৰমে বিৰিণা সাহিত্য-সংবাদ প্ৰহৰী বঁটা, VIDEO

দৌলাশালত বিৰিণা গোষ্ঠী অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন, বঁটা ঘোষণাঃ থানেশ্বৰ মালাকাৰ-নৰেশ কলিতালৈ ক্ৰমে বিৰিণা সাহিত্য-সংবাদ প্ৰহৰী বঁটা, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ "চিন্তাক কোনেও বাধা দি ৰাখিব নোৱাৰে, নতুন চিন্তা পৃথিৱীৰ অতি মূল্যবান আৰু মহত্বম সম্পদ। নতুন চিন্তা যিয়ে কৰে তেৱেই নতুন ৰাস্তা দেখুৱাব পাৰে। ন-ন চিন্তাৰে উঠি অহা প্ৰজন্মক প্ৰেৰণা দিব নোৱাৰিলে হীৰা-মুকুতাৰে খোদিত অট্টালিকাইও সমাজৰ উত্তৰণ ঘটাব নোৱাৰে।"- এই মন্তব্য নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ। শুকুৰবাৰে নলবাৰী জিলাৰ দৌলাশালত বিৰিণা গোষ্ঠী অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপায়ুক্তগৰাকীয়ে সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰখনত বিৰিণা গোষ্ঠীৰ অৱদানক ভূয়সী প্ৰশংসা কৰে।

ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে আৰু কয় যে -"প্ৰতিভাৰ অনুশীলন কৰিলেহে এজন লোক বিখ্যাত হ'ব পাৰে। বিৰিণা গোষ্ঠী প্ৰতিভাৰ কমাৰশাল। নলবাৰী আৰু বৰপেটা জিলাৰ সীমামূৰীয়াত অৱস্থিত এখন আওহতীয়া গাঁও দৌলাশালৰ পৰা আত্মপ্ৰকাশ কৰা বিৰিণা গোষ্ঠী আজি সমগ্ৰ অসমত শিপাই যোৱাটো নিঃসন্দেহ প্ৰসংশনীয় কাম।" ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে বৃহত্তৰ দৌলাশাল অঞ্চলৰ শলাগ লয়। বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত গোষ্ঠীটোৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে পাঁচ গছি বন্তি প্ৰজ্বলন কৰে ক্ৰমে – উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মন, দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতা, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ আৰু দৌলাশালৰ স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে।

দৌলাশাল হাইস্কুলত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে আদৰণি ভাষণ পাঠ কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বিৰিণাৰ শীৰ্ষ গীতটো পৰিবেশন কৰে বিৰিণাৰ শিল্পীবৃন্দই। অনুষ্ঠানটোত ৰমনী নাথ, সুৰজিৎ পাঠক, বাবুল বনিক্য, ললিতা দাস বনিক্য আদি কৰি কেইবাগৰাকীও কবিতা পাঠ কৰাৰ লগতে মনজিৎ বৰ্মন, অৰূপ নাথে গীত পৰিবেশন কৰে।

কণমানি শ্যামলিমা বনিক্যৰ নৃত্যই অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানত তত্বগধুৰ বক্তব্যৰে অনুষ্ঠানটোক গাম্ভীৰ্যতা প্ৰদান কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনে। বিশিষ্ট অতিথি হিচাপে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ আৰু উপ সভাপতি ৰাজেন ডেকাই সাহিত্য-সংস্কৃতি চৰ্চাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। ৰাজেন ডেকাই বিৰিণা গোষ্ঠীৰ উদ্যোগত দৌলাশালত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ এটি স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পূৱ বৰপেটাৰ বিশিষ্ট শিক্ষক ৰোহিণী কুমাৰ দাসে ভাষণ প্ৰসংগত সমস্যা সমাধানৰ বাট দেখিও এখোজ নিদিয়া আৰু জুইৰ অঙঠা বুকুত বান্ধি ফুৰা একেই কথা বুলি উল্লেখ কৰে।

গীত-নৃত্য, কথা-কবিতাৰে জীপাল কৰা শীতৰ অনুষ্ঠানটোত মুখ্য অতিথি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বিৰিণাৰ নামাংকিত গামোচা, শৰাই, বিৰিণাৰ দ্বাৰা প্ৰকাশিত কিতাপৰ টোপোলা, এটা ফুলাম জাপিৰে বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও দৌলাশাল হাইস্কুল, দৌলাশাল উন্নতি সাধিনী সভাইও উপায়ুক্তগৰাকীক সম্বৰ্ধনা জনায়। দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অকন চন্দ্ৰ চৌধুৰী, অৱসৰপ্ৰাপ্ত শিক্ষক জনাৰ্দন বৰ্মন, প্ৰাক্তন ছাত্ৰনেতা খনীন পাঠক, দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক চন্দ্ৰ কান্ত বৈশ্য, আচাৰ্যা ৰূপাঞ্জলি চৌধুৰী, নয়নমণি পাঠক, নৱ কুমাৰ কলিতা, মইদুল ইছলাম, বনজিৎ বৈশ্য, ফজল আলী, জয়ন্ত ডেকা, প্ৰমথেশ ঠাকুৰীয়া, জেহেৰুল ইছলাম, ইলিয়াছ আলী, হেলেনা বেগম, ফুনু পাঠককে ধৰি দুই শতাধিক শুভাকাংক্ষী আৰু বিৰিণাৰ সদস্যৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই।

সভাপতি লীলাধৰ পাঠকে সভাপতিৰ ভাষণত "বিৰিণা সাহিত্য বঁটা-২০২০" আৰু "সংবাদ প্ৰহৰী বঁটা-২০২০" বঁটা দুটা ঘোষণা কৰে।

ৰাজ্যখনৰ বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰক "বিৰিণা সাহিত্য বঁটা-২০২০" আৰু নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক "সংবাদ প্ৰহৰী বঁটা- ২০২০" প্ৰদান কৰা হ'ব। উক্ত দুয়োটা বঁটাত আছে একোখন বিৰিণাৰ নামাংকিত গামোচা, চেলেং, শৰাই, স্মাৰক, কিতাপৰ টোপোলা, জাপি ,মানপত্ৰ আৰু নগদ ধন।

অহা ১ মাৰ্চত বিৰিণা গোষ্ঠী অসমৰ দৌলাশালত অনুষ্ঠিত হ'বলগীয়া পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুকলি সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে জানিবলৈ দিয়ে। অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in