অৱসৰী শিক্ষক-লেখক গগণ চন্দ্ৰ বৈশ্যৰ বিয়োগত শোকস্তব্ধ দৌলাশাল

অৱসৰী শিক্ষক-লেখক গগণ চন্দ্ৰ বৈশ্যৰ বিয়োগত শোকস্তব্ধ দৌলাশাল

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালৰ অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক গগণ চন্দ্ৰ বৈশ্য(৬১)ৰ বিয়োগত সমগ্ৰ দৌলাশাল অঞ্চল শোকস্তব্ধ হৈ পৰিছে। দৌলাশাল হাইস্কুলৰ হিন্দী শিক্ষক হিচাপে যোৱা মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰা বিশেষভাৱে সক্ষম শিক্ষকগৰাকীয়ে শুকুৰবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাত শ্বাস-প্ৰশ্বাসত যথেষ্ট অসুবিধা অনুভৱ কৰে। পৰিয়ালৰ লোকে ততাতয়াকৈ মুকালমুৱা মেডিকেললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

কৃতী শিক্ষকগৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে অঞ্চলজুৰি শোকৰ বন্যা বোৱাই আৰু অসংখ্য গুণমুগ্ধই দৌলাশালস্থিত তেওঁৰ বাসগৃহত ভিৰ কৰে। বিয়লি অৱসৰী শিক্ষকগৰাকীৰ নশ্বৰদেহ দৌলাশাল হাইস্কুললৈ নিয়া হয় আৰু বিদ্যালয় প্ৰধান ভৱেন কুমাৰ কলিতা প্ৰমুখ্য কৰি শিক্ষক-কৰ্মচাৰী, বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্ৰ-ছাত্ৰীসকলে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে। দৌলাশাল অঞ্চলৰ সমাজ জীৱনৰ এক প্ৰাতঃস্মৰণীয় সত্ত্বাৰূপে থাকি তেখেতে বিভিন্ন সময়ত মাঙ্গলিক বিধানো দি আহিছিল।

বিদ্যালয়ৰ পৰা বিদায়ৰ সময়ত

১৯৫৯ চনৰ এক মাৰ্চত জন্মগ্ৰহণ কৰা প্ৰয়াত বৈশ্যই ১৯৭৯ চনৰ পৰা চাৰি দশকৰো অধিক কাল দৌলাশাল হাইস্কুলত শিক্ষকতা কৰাৰ উপৰিও তেখেতে দীৰ্ঘদিন ধৰি সাহিত্যক্ষেত্ৰখনত জড়িত হৈ আছিল। বিৰিণা গোষ্ঠী, অসমৰ দ্বাৰা প্ৰকাশিত 'সপ্তগুণনিধি' তেখেতৰ প্ৰকাশিত গ্ৰন্থ।

ইয়াৰোপৰি তেখেতে বিভিন্ন আলোচনীত কবিতা, প্ৰবন্ধ আদিও লিখিছিল। শেহতীয়াভাৱে তেখেতে আধ্যাত্মিক চিন্তাৰে পৰম প্ৰভু শ্ৰীশ্ৰী কানাই ব'লাই কাব্যগ্ৰন্থৰ লগতে শাৰিৰীক শিক্ষা আৰু শৰীৰ চৰ্চা সম্পৰ্কীয় গ্ৰন্থ (অপ্ৰকাশিত) লিখি থৈ গৈছে।

নিষ্ঠাৱান শিক্ষকগৰাকীৰ আকস্মিক মৃত্যুত দৌলাশাল উন্নতি সাধিনী সভা, বিৰিণা গোষ্ঠী অসম, দৌলাশাল হাইস্কুল শিক্ষক গোট, ছাত্ৰ একতা সভা, বৰক্ষেত্ৰী আছুকে ধৰি বিভিন্ন দল- সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেখেতে সহঃধৰ্মিণী পদুমী বৈশ্য , দুই পুত্ৰ, এগৰাকী জীয়ৰী আৰু ভাই -ভতিজাকে ধৰি আত্মীয় কুটুম্বক ইহসংসাৰত এৰি যায়। শুকুৰবাৰে সন্ধিয়া এক শোকাকুল পৰিৱেশত দৌলাশাল ৰাজহুৱা শ্মশানত তেখেতৰ শেষকৃত্য সমাপন কৰা হয়। উল্লেখ্য যে, প্ৰয়াত গগণ চন্দ্ৰ বৈশ্যৰ পেন্সনৰ যাৱতীয় প্ৰক্ৰিয়া চলি আছে যদিও বিভাগীয় ভাৱে অদ্যপি সম্পূৰ্ণ হোৱা নাই বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in