দৌলাশালত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ মুকলি অসম সত্ৰ মহাসভাৰ

দৌলাশালত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ মুকলি অসম সত্ৰ মহাসভাৰ

ডিজিটেল সংবাদ, চেঙাঃ পবিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ হৰিনামেৰে মুখৰিত হৈ থকাৰ সময়তে মঙলবাৰে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ পবিত্ৰ দিনটোত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ এটি মুকলি কৰা হয়। অসম সত্ৰ মহাসভাৰ অন্তৰ্গত দৌলাশালস্থিত শ্ৰীশ্ৰী মহাপ্ৰভু কানাই ব'লাই আদি থান সত্ৰত মঙলবাৰে আবেলি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে।

শতাধিক ভকত- বৈষ্ণৱ-আয়তি আৰু স্থানীয় লোকৰ উপস্থিতিত উৰুলি, শংখ-ঘন্টা ধ্বনিৰে কেন্দ্ৰটো মুকলি কৰি সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক গৰাকীয়ে কয় যে, অসম সত্ৰ মহাসভাৰ অধীনত ৰাজ্যখনত ১৬০ খন সত্ৰীয়া সংস্কৃতিৰ বিদ্যালয় আৰু যোৰহাটত এখন সত্ৰীয়া সংস্কৃতিৰ মহাবিদ্যালয় স্থাপন কৰা হৈছে। প্ৰতিখন বিদ্যালয়তে সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন দিশত চৰ্চা কৰি থকা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশ নামনি অসমত নাই বুলিবই পাৰি যদিও অসম সত্ৰ মহাসভাৰ তৎপৰতাত এতিয়াৰে পৰা নামনি অসমতো সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশ গঢ় লৈ উঠিবলৈ লৈছে।

মঙলবাৰে দৌলাশালত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰাৰ দিনাই ৫০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ বুলিও তেখেতে কয়। শ্ৰীশ্ৰী মহাপ্ৰভু কানাই ব'লাই আদি থান সত্ৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জনাৰ্দন বৰ্মন আৰু কামিনী নাথৰ তৎপৰতাত আদি থান সত্ৰত অনুষ্ঠিত মুকলি সভাখনৰ আঁত ধৰে বাবুল বণিক্যই। অনুষ্ঠানত মাধৱদেৱ গুৰুজনাৰ বৰগীত পৰিৱেশন কৰে লক্ষেশ্বৰ নাথে আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰে মীনাক্ষী দেয়ে।

মুকলি অনুষ্ঠানত শ্ৰীশ্ৰী মহাপ্ৰভু কানাই ব'লাই আদি থান সত্ৰৰ সত্ৰাধিকাৰ বাণীকান্ত দেৱ গোস্বামী, অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সদস্য হৰিপ্ৰসাদ দাস, দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধী, দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি-সম্পাদক ক্ৰমে গৰ্গনাৰায়ণ বৰ্মন আৰু চন্দ্ৰকান্ত বৈশ্য, দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

মঙলবাৰে নাম ভৰ্তি কৰা প্ৰশিক্ষাৰ্থীসকলক সত্ৰীয়া নৃত্যৰ এটি আভাস দেখুৱাই দিয়ে প্ৰশিক্ষক কৃষ্ণ কুমাৰ দাসে। সত্ৰীয়া সংস্কৃতি কেন্দ্ৰটো মুকলি কৰা কাৰ্যক প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে। এই কেন্দ্ৰটোত নিয়মীত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কৰা হ'ব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in