শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

দৌলাশালত নিচাজাতীয় টেবলেটসহ দুটাকৈ ড্ৰাগছ ব্যৱসায়ী আটক

233

ডিজিটেল সংবাদ, চেঙাঃ কোৰোনা ভাইৰাছৰ লকডাউনৰ মাজতে দৌলাশাল আৰক্ষীৰ জালত পৰিল দুটাকৈ ড্ৰাগছ ব্যৱসায়ী। নলবাৰী জিলাৰ দৌলাশালত বৃহস্পতিবাৰে বিয়লি স্থানীয় লোকে দুটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰি দৌলাশাল আৰক্ষীক গতাই দিয়ে। ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙাৰ আকবৰ আলীৰ পুত্ৰ চেলিম উদ্দিম আহমেদ(২৪) আৰু কুকাৰপাৰৰ প্ৰয়াত একাব্বৰ শিকদাৰৰ পুত্ৰ জাইদুল শিকদাৰ (৩০) বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ ধৃত দুই যুৱকৰ বিৰুদ্ধে। বৃহস্পতিবাৰে লকডাউনৰ মাজতে নিচাজাতীয় টেবলেট বিক্ৰী কৰিবলৈ আহোঁতে স্থানীয় লোকে যুৱক দুজনক আবদ্ধ কৰি দৌলাশাল আৰক্ষীক গতাই দিয়ে।

ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে তেওঁলোকে ড্ৰাগছ ব্যৱসায়ত ব্যৱহাৰ কৰা এএছ-০১-ডিকে-০৯৮২ নম্বৰৰ বাইকখনো জব্দ কৰে। অধিক তথ্যৰ বাবে যুৱক দূজনক সোধাপোচা আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিময় তামুলীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি