শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

দৌলাশালত নাগাৰা নাম, VIDEO

104

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালৰ শ্ৰীশ্ৰী মা-কালী মন্দিৰ প্ৰাংগণত ৰাইজৰ মঙ্গলাৰ্থে উদযাপন কৰি অহা নাগাৰা নামৰ এইবেলি ঊনবিংশতিতম বৰ্ষ। শনিবাৰে নিশা ৯ বজাত ৰাজ্যখনৰ দুটা মহিলা নাগাৰা নাম দলে নাগাৰা নাম পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে।

দ্বাৰ মুকলি কৰি নাগাৰা নামৰ উদ্বোধন কৰে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীয়ে। নাগাৰা নাম পৰিৱেশন কৰে কামৰূপ জিলাৰ ৰঙিয়াৰ জয়ন্তীপুৰ আঞ্চলিক নৱ-মিলন ছোৱালী নাম দলৰ পাঠিকা গীতাঞ্জলী কলিতা আৰু হালোগাঁৱৰ মা-মনসা ছোৱালী নাম দলৰ পাঠিকা বৰষাৰাণী দাসে।

নাগাৰা নাম উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰ পিছত কীৰ্ত্তন পাঠ, ভোৰতাল নাম, সংকীৰ্ত্তন আদি অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি